মহানগৰীৰ সাতগাঁৱত বিয়লিৰ ভাগত এটা নলাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ বুধবাৰে মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ । জানিব পৰা মতে, সাতগাঁও দলবাৰীৰ বাথৌ মন্দিৰৰ সমীপৰ এটা নলাত পৰি থকা অৱস্থাত মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে আৰক্ষীক খবৰ দিয়ে ৰাইজে ৷
ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । মৃত লোকজন পাঞ্জাবাৰীৰ কৈলাশ নগৰৰ জিতেন বৰুৱা বুলি জানিব পৰা গৈছে । মৃত বৰুৱা সাতগাঁও সেনা ছাউনীৰ এম ই এছ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
Discussion about this post