মহাৰাষ্ট্ৰৰ ৱাছিম জিলাৰ কৰঞ্জা (Karanja) বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ৰাজেন্দ্ৰ পাটনীৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত আজি (শুকুৰবাৰ) শেষ নিশ্বাস ত্যাগ কৰে। ৫৯ বছৰীয়া পাটনীয়ে বিগত দুই-তিনি বছৰে মুম্বাইত চিকিৎসাধীন হৈ আছিল।
২০০৪, ২০১৪ আৰু ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত তিনিবাৰকৈ বিজয়ী ৰাজেন্দ্ৰ পাটনীয়ে ১৯৯৭ চনৰ পৰা ২০০৩ চনলৈকে বিধান পৰিষদৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ আৰু ২০১৪ চনত পৌৰসভাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত বিজেপি নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। ‘মহাৰাষ্ট্ৰ বিধানসভাৰ বিজেপি বিধায়ক শ্ৰী ৰাজেন্দ্ৰ পাটনীজীৰ বিয়োগত বেদনা। তেওঁ কেইবাটাও সামূহিক সেৱাৰ পদক্ষেপত আগশাৰীৰ আছিল আৰু জনসাধাৰণৰ বাবে এক ফলপ্ৰসূ কণ্ঠস্বৰ আছিল। দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁ প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। তেওঁৰ পৰিয়াল আৰু সমৰ্থকলৈ সমবেদনা জ্ঞাপন কৰিছো।’-এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
Discussion about this post