মহাৰাষ্ট্ৰৰ পুনেত যোৱা জুলাই মাহত আৰ্নেষ্ট এণ্ড ইয়ং ইণ্ডিয়া নামৰ কোম্পানীটোত কৰ্মৰত এগৰাকী মহিলা চি এৰ (আন্না চেবাষ্টিয়ান পেৰায়িল, বয়স ২৬ বছৰ)কামৰ হেঁচাৰ বাবে মৃত্যু হোৱা ঘটনাৰ দৰেই এইবাৰ লক্ষ্ণৌত সংঘটিত হৈছে একেই কাহিনী। লক্ষ্ণৌৰ গোমতি নগৰৰ বিভূতি খণ্ডত থকা HDFC বেংকৰ অতিৰিক্ত উপাধ্যক্ষ ছাডাফ ফাতিমা (৪৫) নামৰ কৰ্মচাৰীগৰাকী কাম কৰি থকা অৱস্থাত চকীৰ পৰা বাগৰি কালি মৃত্যু হয়। সহকৰ্মীৰ মতে কামৰ হেঁচাৰ বাবেই মহিলা কৰ্মচাৰীগৰাকী দুৰ্বল হৈ চকীৰ পৰা বাগৰি পৰি মৃত্যুক সাৱটি লয়। মহিলা কৰ্মচাৰীগৰাকী অকস্মাতে মাটিত বাগৰি পৰাৰ লগে লগে প্ৰতিষ্ঠানটোত আন কৰ্মচাৰীসকলৰ মাজত হুৱা-দুৱা লাগে।
বাগৰি পৰা কৰ্মচাৰীগৰাকীক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ৰ পাছতে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে। কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ ঘটনা অতি দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বুলি অভিহিত কৰি সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱে পুনে আৰু লক্ষ্ণৌৰ ঘটনাই দেশৰ বৰ্তমানৰ অৰ্থনৈতিক দুৰৱস্থা তথা কামত কেনে প্ৰবল চাপ পৰে তাৰে প্ৰতেফলন ঘটাইছে বুলি কয়।
Discussion about this post