দেশৰ প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ, নতুন দিল্লীস্থিত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ) প্ৰাক্তন সঞ্চালক ডাঃ পি বেনুগোপালৰ কালি ৮২ বছৰ বয়সত মৃত্যু হয়। অন্ধ্ৰ প্ৰদেশত, ১৯৪২ চনৰ ৬ জুলাইত জন্মলাভ কৰা ডাঃ বেনুগোপালে ভাৰতত প্ৰথমটো হৃদযন্ত্ৰ সংৰোপণৰ অস্ত্ৰোপচাৰ কৰিছিল। তেখেতে ১৯৯৪ চনৰ ৩ আগষ্টত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত এই অলৌকিক কাৰ্য্য সম্পাদন কৰিছিল।
হৃদৰোগ বিশেষজ্ঞ হিচাপে দেশৰ লগতে বিদেশতো পৰিচিত ডাঃ বেনুগোপালে তেখেতৰ চাৰি দশকজোৰা কেৰিয়াৰত ৫০ হেজাৰতকৈও অধিক হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছিল। ১৯৯৮ চনত চিকিত্সা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে পদ্মভূষণেৰে সন্মানিত কৰা ডাঃ বেনুগোপালে পত্নী প্ৰিয়া সৰকাৰৰ সৈতে মিলি “হাৰ্টফেল্ট” নামৰ এখন স্মৃতিকথা লিখি গৈছে।
Discussion about this post