কামপুৰত (Kampur) দেওবাৰে মাজনিশা সংঘটিত হৈছিল এক শোকাৱহ ঘটনা (Tragic Incident)। কামপুৰৰ পাছনিজাৰ মধুপুৰত সংঘটিত হৈছিল এই ঘটনা। বলিয়া বানে উটুৱাই নিছিল কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্বল কাকতি (Samujjal Kakoti) আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক (Rajiv Bordoloi)।
নিশা এক বজাত এটা অপৰাধী ধৰিবলৈ গৈছিল চাৰিজনীয়া আৰক্ষীৰ দলটোৱে। দুজন আৰক্ষীৰ প্ৰাণৰক্ষা পৰিল যদিও বলিয়া বানে উটুৱাই নিলে ভাৰপ্ৰাপ্ত আৰক্ষী (OC) আৰু কনিষ্টবলজনক (Constable)। জানিব পৰা মতে কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাঁপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে। সহযোগীৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্বল কাকতিয়ে।
During an ops last night, a team of @assampolice fell in a water body in Kampur area of Nagaon. To save the colleagues, OC SI Samujjal Kakoti jumped into water and is untraced yet. UB Constable Rajiv Bordoloi lost his life during rescue ops. 1/2
— GP Singh (@gpsinghips) June 20, 2022
দেওবাৰে নিশা কামপুৰ আৰক্ষী থানাৰ (Kampur Police) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জল কাকতিৰ নেতৃত্বত ৪ জনীয়া এটি দলে নিজ কৰ্তব্য পালন কৰিবলৈ গৈ বাঢ়নি পানীত পৰি যায় ৷ নিশা এটা গোচৰৰ তদন্তৰ বাবে কামপুৰ চাৰিজনীয়া আৰক্ষীৰ দলটো গৈছিল পাছনিজাৰ মধুপুৰলৈ।
পাছনিজাৰ মধুপুৰৰ জলমগ্ন পথচোৱাৰে গৈ থকা অৱস্থাত হঠাৎ বাঢ়নি পানীত পৰি ডুব যায় কনিষ্টবল ৰাজীৱ বৰদলৈ। ৰাজীৱ বৰদলৈৰ উদ্ধাৰৰ বাবে ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জল কাকতি আগবাঢ়ি যায় যদিও কনিষ্টবল ৰাজীৱ বৰদলৈৰ লগতে অ’চি সমুজ্জল কাকতিও সন্ধানহীন হৈ যায় ৷
সৌভাগ্যক্ৰমে কনিষ্টবল ৰঞ্জিত বৰা আৰু আনজন কনিষ্টবলক বাঢ়নি পানীতে জীৱন্তে আবদ্ধ হৈ পৰে। পিছত প্ৰায় একঘণ্টাৰ পিছত জীৱন্তে আৰক্ষী দুজনক স্থানীয় এজন যুৱকে কলৰ ভুৰেৰে উদ্ধাৰ কৰে। অ’চিসহ দুজনকৈ আৰক্ষী সন্ধানহীন হোৱাৰ পিছতে নিশাই SDRF-এ তিনিখন নাও লৈ উদ্ধাৰ অভিযান চলাইছিল।
পুৱতি নিশা কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত পুৱাৰ ভাগতহে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জল কাকতিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বানে প্ৰাণ কাঢ়ি নিয়া আৰক্ষী বিষয়া সমুজ্জল কাকতিৰ ঘৰ কামৰূপৰ চাংসাৰিত আৰু কনিষ্টবল ৰাজীৱ বৰদলৈৰ ঘৰ নগাঁৱৰ হুজগাঁৱত বুলি জানিব পৰা গৈছে।
উল্লেখ্য কিছুদিনৰ আগত যোৱা ৩ জুনত নগাঁৱৰ বেবেজিয়া আৰক্ষী চকীৰ পৰা কামপুৰ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা সমুজ্জল কাকতি অতি অমায়িক আৰক্ষী বিষয়াজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ কামপুৰত। অতি অমায়িক আৰক্ষী দুজনৰ মৃতদেহ কামপুৰ থানালৈ অনাৰ পিছতে দল-সংগঠন আৰু সচেতন লোকসকলে শেষ শ্ৰদ্ধা নিবেদন কৰে ।
Photo & Input: Aminul Hoque
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-police-officer-suicide-at-mariani-in-assam/9874/
Discussion about this post