মঙলবাৰে নিশা ধুবুৰীৰ (Dhubri) গৌৰীপুৰৰ (Gauripur) মটেৰঝাৰত ভয়ংকৰ ডাম্পাৰ দুৰ্ঘটনা সংঘটিত হয় (Dumper Road Accident)। অত্যাধিক ওজন কঢ়িওৱাৰ ফলত শিলভৰ্তি ডাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পুখুৰীত (Dumper Fell Into A Pond)। এই দুৰ্ঘটনাত দুজন চালক হেণ্ডিমেনসহ তিনিজনৰ কথমপি প্ৰাণৰক্ষা যদিও গুৰুতৰভাবে আহত হয় (3 Injured)। আহত অৱস্থাতে তিনিওকে নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰৰ পৰা ধুবুৰী-কচুগাঁও পথেৰে ধুবুৰী সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ অভিমুখে গৈ আছিল শিলভৰ্তি ডাম্পাৰখন। AS 17 C 5659 নম্বৰৰ শিলভৰ্তি ডাম্পাৰখন শ্ৰীৰাপুৰৰ পৰা ধুবুৰী-কচুগাঁও ৰোডেৰে আহি থকাৰ সময়তে মটেৰঝাৰ বজাৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ তাৰ ছিঙি পুখুৰীত বাগৰি পৰে।
লগে লগে স্থানীয় লোকে বিকট শব্দ শুনি ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে শক্তি বিভাগক দুৰ্ঘটনাৰ খবৰ দি বিদ্যুৎ সংযোগ কৰ্তন কৰি তিনিজনকে পুখুৰীৰ গভীৰ পানীৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উদ্ধাৰ কৰা চালক ললিত ৰায়, হেণ্ডিমেন সহ তিনিজনে সুৰামত্ত (Drunker) অৱস্থাত আছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। আনহাতে, একাংশৰ মতে ধাৰাসাৰ বৰষুণৰ ফলত বিগত এসপ্তাহত এই পথছোৱাত অভাৰলোড ডাম্পাৰে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে। এই গাঁতত পৰিয়ে নিশা শিল কঢ়িওৱা ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰি দুৰ্ঘটনাগ্ৰস্ত হয়। পিছত গোলকগঞ্জ আৰক্ষী (Golakganj Police) ঘটনা স্থলীত উপস্থিত হয়।
Photo & Input: ওমৰ ফাৰুক সেখ
Discussion about this post