এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে তামিলনাডুৰ (Tamilnadu) কুড্ডালোৰত (Cuddalore)। একেদিনাই একেলগে ৭ গৰাকী কিশোৰীয়ে কৰুণ মৃত্যুক সাৱটিলে (7 Girls Drown In River)। কৃত্ৰিম বান্ধত গা ধুবলৈ যোৱাটোৱেই কাল হ’ল ৭ গৰাকী কিশোৰীৰ বাবে। নৈৰ কোবাল সোঁতত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল আটাইকেইগৰকী কিশোৰীয়ে। জানিব পৰা মতে, দেওবাৰে দিনৰ প্ৰায় ১.৪৫ বজাত গেদ্দিলাম নদীৰ ওপৰত নিৰ্মাণ কৰা কৃত্ৰিম বান্ধৰ ওচৰতে গা ধুই আছিল ৭গৰাকী কিশোৰীয়ে।
কিশোৰী কেইগৰাকীয়ে হৰ্ষোল্লাসেৰে সাতুৰি সাতুৰি নৈৰ মাজলৈ অহাৰ সময়তে সংঘটিত হয় অঘটনটো। নৈৰ গভীৰতাত থাউনি নাপাই এগৰাকী এগৰাকীকৈ আটাইকেইগৰাকী কিশোৰী নৈৰ বুকুত ডুব যায় (7 Girls Drown In River)। ইফালে কিশোৰী কেইগৰাকী নৈত ককবকাই থকা দেখি স্থানীয় ৰাইজে আটাইকেইগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে আটাইকেইগৰাকীক।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত কিশোৰী আটাইকেইগৰাকীৰ বয়স ১০ৰ পৰা ১৮ বছৰৰ ভিতৰত। নাবালিকা কেইগৰাকী দুখন পৃথক গাঁৱৰ বাসিন্দা আছিল। মৃতকৰ ভিতৰত দুগৰাকী ভগ্নীও আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। নিহত ভগ্নী দুগৰাকীৰ ঘৰ অয়নকুৰিঞ্জিপাৰী গাঁৱত হোৱাৰ বিপৰীতে বাকী কেইগৰাকীৰ ঘৰ আন এখন গাঁৱত বুলি জানিব পৰা গৈছে।
মৃত কিশোৰীকেইগৰাকীৰ নাম ক্ৰমে- এ. মনিছা (১৬), এম, নৱনীতা (১৮), কে. প্ৰিয়া (১৮), এছ. চাংভী (১৬), আৰ দিব্যা দৰ্শিনী (১০), তাইৰ ভগ্নী আৰ. প্ৰিয়দৰ্শিনী (১৬) আৰু এম. কুমুধা (১৮)। আৰক্ষীয়ে জনোৱা অনুসৰি কিশোৰীকেইগৰাকী ওচৰ-চুবুৰীয়া আৰু বান্ধৱী আছিল, আটাইকেইগৰাকীয়ে গা ধুবলৈ চেক ডেমৰ পানীত গৈছিল আৰু পানীৰ সোঁত বৈ গৈ ডুব যায়।
আৰক্ষীয়ে কৈছিল যে কুড্ডালোৰত (Cuddalore) অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী ঘটনাস্থলীত উপস্থিত হৈছিল আৰু কিশোৰীকেইগৰাকীক বচাবলৈ চেষ্টা কৰিছিল কিন্তু সফল হ’ব নোৱাৰিলে। তেওঁলোকে পিছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে কুড্ডালোৰ জিলা হাস্পতাললৈ প্ৰেৰণ কৰে।
তামিলনাডুৰ কৃষি মন্ত্ৰী এম আৰ কে পানীৰচেলভামে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
Photo: google
Discussion about this post