কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মন্ত্ৰী পীযুষ হাজৰিকাই কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে। বুধবাৰে সম্পন্ন হয় অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হ’ব এই সিদ্ধান্তসমূহ।
সংবাদমেলত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হ’ল-
১. এতিয়াৰে পৰা জাতীয় সংগীতেৰে আৰম্ভ হ’ব চৰকাৰী অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰিব।
২. চৰকাৰী অনুষ্ঠানত ব্যৱহাৰ হ’ব থলুৱা গামোচা। লগতে চাহৰ সৈতে লাৰু–পিঠা খোৱাৰ দিহা কৰা হ’ব। আত্মসহায়ক গোটক লাভান্বিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ।
৩. ২৮ জুলাইত দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি। সেই দিনটো দেশভক্ত দিৱস হিচাপে ৰাজ্যত পালন কৰা হ’ব।
৪. ৫ আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস, সেই দিনটো কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হ’ব।
৫. এই দিৱসত জিলাভিত্তিক ৫জন শ্ৰেষ্ঠ কৰ্মচাৰীক পুৰস্কাৰ দিয়া হ’ব। ৰাজ্যিক হিচাপে ১০জনক দিয়া হ’ব শ্ৰেষ্ঠ পুৰস্কাৰ।
৬. সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা জিলাত তিনিদিনকৈ থাকিব লাগিব অভিভাৱক মন্ত্ৰী।
৭. টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ ম্যাদ ৭ বছৰৰ সলনি জীৱনজোৰা হ’ব। কিন্তু চাকৰি নিয়োগৰ ক্ষেত্ৰত আগৰ দৰেই প্ৰযোজ্য থাকিব বয়সৰ ঊৰ্ধ্বসীমা।
৮. ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎ বিল পৰিশোধৰ এন অ’ চি নিদিলে দৰমহা কৰ্তন হ’ব। কৰ্মচাৰী সকলে জুলাই মাহৰ ভিতৰত বিল পৰিশোধ কৰি জমা দিব লাগিব এন অ’ চি।
Photo: Facebook
Discussion about this post