Curry Leaves Benefits: ভাৰতীয় পাকঘৰত নৰসিংহ পাতৰ যথেষ্ট ব্যৱহাৰ কৰা হয়। বিশেষকৈ বেছিভাগ দক্ষিণ ভাৰতীয় ব্যঞ্জনত এই পাত ব্যৱহাৰ কৰা হয়। নৰসিংহ পাতেৰে যিকোনো ব্যঞ্জনৰ সোৱাদ উন্নত কৰিব পাৰি। বহুলোকে ইয়াক বজাৰৰ পৰা ক্ৰয় কৰে, আনহাতে কিছুমানে ইয়াক ঘৰৰ টাবতে ৰুৱে। নৰসিংহ আমাৰ সকলোৰে এক পৰিচিত খাদ্য। আমাৰ সকলোৰে বাৰীয়ে ঘৰে এইবিধ শাক সহজতে উপলব্ধ হয়। অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো এই শাকবিধৰ ব্যৱহাৰ অধিক। নৰসিংহ চাটনি বনাই, ভাজি, পিচি আঞ্জা বনাই খোৱা হয়।
নৰসিংহ পাত স্বাস্থ্যৰ ভাণ্ডাৰ
নৰসিংহ পাতত (Curry Leaves) ফছফৰাছ, কেলচিয়াম, আইৰন, কপাৰ, ভিটামিন আৰু মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদান থাকে, যি শৰীৰক বিভিন্ন ধৰণে উপকৃত কৰাত সহায় কৰে। আহক জানো প্ৰতি পুৱা শুই উঠি ৩ৰ পৰা ৪টাকৈ এই সেউজীয়া পাত চোবালে আপুনি বিভিন্ন লাভালাভ পাবলৈ সক্ষম হ’ব।
নৰসিংহ পাত খোৱাৰ আশ্চৰ্যকৰ লাভালাভ-
১. নৰসিংহ পাত (Curry Leaves) খালে নিশাৰ অন্ধত্ব (Night Blindness) বা চকুসম্পৰ্কীয় আন বহুতো ৰোগৰ আশংকা আঁতৰ হয় কিয়নো ইয়াত অত্যাৱশ্যকীয় পুষ্টি ভিটামিন এ (Vitamin A) থাকে যি চকুৰ পোহৰ বৃদ্ধি কৰাত সহায়ক হয়।
২. ডায়েবেটিছ (Diabetes) ৰোগীসকলক প্ৰায়ে নৰসিংহ পাত (Curry Leaves) চোবাবলৈ পৰামৰ্শ দিয়া হয় কিয়নো সেইবোৰত হাইপোগ্লাইচেমিক গুণাগুণ থাকে যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে।
৩. নৰসিংহ পাত (Curry Leaves) সদায় ৰাতিপুৱা খালী পেটত চোবাব লাগে কিয়নো ই হজম উন্নত কৰে আৰু কোষ্ঠকাঠিন্য, এচিডিটি, পেট ফুলাকে ধৰি সকলো পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়।
৪. নৰসিংহ পাতত (Curry Leaves) এণ্টিফংগল আৰু এণ্টিবায়টিক গুণ পোৱা যায় যি বহু প্ৰকাৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰে আৰু ৰোগৰ আশংকা প্ৰতিহত কৰে।
৫. নৰসিংহ পাত (Curry Leaves) চোবালে ওজন হ্ৰাস (Weight Loss) আৰু পেটৰ চৰ্বি (Belly Fat) হ্ৰাস কৰাত সহায় কৰে কিয়নো ইয়াত এথিল এচিটেট, মহানিম্বাইন আৰু ডাইক্লোৰোমিথেনৰ দৰে পুষ্টিকৰ উপাদান থাকে।
৬. নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই থাকে কাৰণে শিশুৰ কাৰণে এই পাত উপকাৰী।
৭. নৰসিংহ পাতৰ আঞ্জা কেইদিনমান খালে গ্ৰহণী ৰোগ উপশম হয়।
৮. নৰসিংহ পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায়।
৯. নৰসিংহ পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে।
১০. পেটৰ বিষ হ’লে চাৰি কাপ পানীত নৰসিংহ গছৰ শিপা ৫-৬ গ্ৰাম লৈ সিজাই উঠি পোৱা পানী খালে পেটৰ বিষ ভাল হয়।
১১. নৰসিংহ পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয়।
১২. পেট কামুৰিলে নৰসিংহৰ পাতৰ ৰস আদাৰ লগত মিহলাই খালে কামোৰণি ভাল হয়।
১৩. দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায়।
১৪. মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায়।
১৫. কীট-পতংগই কামুৰিলে বা বিষাক্ত প্ৰাণীয়ে দংশন কৰিলে আঘাতৰ স্থানত নৰসিংহৰ ৰসৰ লগত সম-পৰিমাণৰ নেমুৰস মিহলাই সঘনাই লগালে আৰাম পোৱা যায়।
১৬. জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে আৰাম পোৱা যায়।
১৭. নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলকুলি কৰিলে পায়োৰিয়া ৰোগ নিৰাময় হয়।
১৮. নৰসিংহ পাত বহুমূত্ৰ ৰোগী আৰু বৃক্ক ৰোগৰ বাবে উপকাৰী।
১৯. কেঁচুমূৰীয়া ৰোগীৰ বাবে নৰসিংহ পাতৰ চাটনি খোৱা ভাল।
২০. নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে কাৰণে ই হাড়, দাঁতৰ গঠনত সহায় কৰে।
২১. নৰসিংহৰ পাত সিজাই পোৱা অৱশেষৰ লগত নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাৰ অৱকাশ থাকে।
২২. উশাহৰ দুৰ্গন্ধত নৰসিংহ পাত/মিঠা নিম খোৱাৰ পৰা লাভান্বিত হয়। যদি আপোনাৰ উশাহৰ দুৰ্গন্ধৰ সমস্যা আছে, তেনেহ’লে ২-৪টা পাত মিঠা নিম চোবাওক, ই মুখৰ পৰা গোন্ধ দূৰ কৰে।
২৩. নৰসিংহৰ পেষ্ট বনাই মুখত লগালে মুখৰ ছাল পৰিষ্কাৰ আৰু সুন্দৰ হয়।
২৪. নৰসিংহ পাতে লিভাৰটোক সুৰক্ষা প্ৰদান কৰে। এই পাতে আপোনাৰ হেপেটাইটিছৰ নিচিনা ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে।
২৫. নৰসিংহ পাতে এণ্টিঅক্সিডেণ্টে বেয়া কেলষ্টৰেল কম কৰি আপোনাৰ হৃদয়টোক ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে। কিয়নো আপোনাৰ বেছি কেলষ্টৰেল হ’লে যিকোনো ধৰণৰ হাৰ্টৰ সমস্যা হোৱা দেখা যায়।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/10-years-child-died-at-lanka-in-assam/9180/
Discussion about this post