পুনৰ বিতৰ্কিত মন্তব্য কণ্ঠশিল্পী জুবিন গাৰ্গৰ (Zubeen Garg Controversial Comment)। প্ৰায়ে মঞ্চত গীত পৰিৱেশন কৰাৰ লগতে বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য প্ৰকাশ কৰে জুবিন গাৰ্গে (Zubeen Garg)। আৰু তাৰে মাজৰে কিছুমান মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰে। এইবাৰ পুনৰ বিতৰ্কিত মন্তব্য কৰি ছচিয়েল মিডিয়াত (Social Media) বিশেষ চৰ্চা লাভ কৰিছে।
বিহু অনুষ্ঠানৰ মাজতে জুবিন গাৰ্গে (Zubeen Garg) কয় যে- ‘মই অকল চিনেমাত নুগুলিয়াও, এনেও গুলিয়াও, মন গ’লেই গুলিয়াও। লগতে তেওঁ কয় যে- মই অসমীয়া চিনেমা বনাই যাম, কেৱল চিনেমা চাবলৈ আহিব, বেলেগ কথা একো নাই, নহ’লে ঘৰত গৈ গুলীয়াম।’
ধেমালিৰ ছলেৰে চিনেমা সন্দৰ্ভত কৰা এই মন্তব্যই এতিয়া সৃষ্টি কৰিছে বিতৰ্কৰ। জাঁজীৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে এই মন্তব্য শিল্পীজনৰ।
Photo: Google





























Discussion about this post