অপ্টিকেল ইলিউছনে (Optical Illusion) ইণ্টাৰনেটত জুই লগাই দিছে। কিন্তু ই মানুহক এক প্ৰকাৰে আমনিও কৰি আছে। সেই ছবিবোৰৰ কিছুমানে এইটো কয় যে মানুহৰ মগজুৰ কোনটো অংশই আটাইতকৈ বেছি আধিপত্য বিস্তাৰ কৰে আনহাতে কিছুমানে ব্যক্তিজনৰ ব্যক্তিত্বৰ বিষয়ে জনায়। আজিৰ অপ্টিকেল ইলিউছন Compellingৰ ওপৰত আধাৰিত। ৰাছিয়ান কাৰ্টুনিষ্ট ভেলেণ্টাইন ডুবিনিনৰ দ্বাৰা ডিজাইন কৰা ভিজন টেষ্টত দাবী কৰা হৈছে যে বিশ্বৰ জনসংখ্যাৰ মাত্ৰ ১% লোকেই ছবিখনত লুকাই থকা জন্তুটো দুই মিনিটতকৈও কম সময়ত বিচাৰি পাব পাৰে।
এই ছবিখনত আপুনি এজন মানুহৰ মুখ দেখিব কিন্তু, আপুনি লুকাই থকা জন্তুটো বিচাৰিব পাৰিবনে? যদি নহয়, তেন্তে ছবিখন ওলোটা কৰক। এতিয়া আপুনি লুকাই থকা জন্তুটো বিচাৰি উলিয়াবলৈ সক্ষম হ’ব। ভাইৰেল অপ্টিকেল ইলিউছনত (Optical Illusion) লুকাই আছে এটা কুকুৰ। সি চিধা বহি আছে আৰু এডাল ডাঙৰ হাড় মুখত লৈ আছে- যি মুখৰ নাকৰ দৰে দেখা গৈছে।
অপ্টিকেল ইলিউছনত (Optical Illusion) কুকুৰ এটা লুকাই থকা দেখা গৈছে আৰু কুকুৰটোৰ এখন মৰমলগা মুখ আৰু দীঘল জোপোহা কাণ আছে।
Photo: Google
Discussion about this post