পইতা ভাতক (Panta Bhat) সাধাৰণতে কোজি ৰাইচ বুলি কোৱা হয়। এইবিধ ভাতক পশ্চিম বংগত ‘পান্তা’ ভাত বুলি জনা যায়। নামনি অসমত ‘পণ্টা’ ভাত আৰু উজনিত ‘পইতা’ ভাত বুলি কয়। ইয়াক তামিলনাডুত পাজহায়া চৰু, কেৰালাত পাজহাম কাঞ্জি, ছত্তীছগড়ত পাখালা ভাত আৰু ওড়িশাত পোখালো বুলি কয়। এচিয়াৰ বহুকেইখন দেশত ইয়াক ‘ছুইট ডেজাৰ্ট’ হিচাপেও ব্যৱহাৰ কৰা হয়। দাক্ষিণাত্যৰ ৰাজ্যসমূহত টেঙা ভাতৰ লগত দৈ আৰু চেনি মিহলাই একপ্ৰকাৰৰ খাদ্য দ্ৰব্য প্ৰস্তুত কৰা হয় আৰু এইবিধ খাদ্য তেওঁলোকৰ মাজত যথেষ্ট জনপ্ৰিয়। চীনত দেশত ইয়াক ‘জিউ নিয়াং’ নামেৰে জনা যায়।
পইতা ভাত (Panta Bhat) খাবলৈ হয়তো প্ৰায়ে ভাল পায়। পইতা ভাত বুলি ক’লে গৰমৰ দিনৰ যেন এটি উশাহ! গ্ৰীষ্মকালত বহু লোকে সাধাৰণ ভাত খোৱাতকৈ পইতা ভাতকে বেছি পচন্দ কৰে। কিন্তু আপোনালোকে জানেনে এটা সাধাৰণ খাদ্যৰ নিচিনাকৈ খোৱা পইতা ভাতৰ আছে বহু লাভালাভ। আৰু যিসকলে এই ভাত খাই ভাল নাপায় সেইসকলে আজিৰে পৰা আৰম্ভ কৰি দিয়ক খাবলৈ। কাৰণ ইয়াৰ আছে বহু গুণাগুণ। আহক জানো ইয়াৰ লাভালাভবোৰ কি কি…
১. ভাতত উপলব্ধ কাৰ্বহাইড্ৰেট শক্তিৰ প্ৰধান উৎস। দেহত বিভিন্ন পাচন প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বহাইড্ৰেট সৰল শৰ্কৰালৈ ৰূপান্তৰিত হয়। সৰল শৰ্কৰাই গ্লুক’জ হিচাপে শৰীৰত শক্তিৰ যোগান ধৰে আৰু গ্লুক’জৰ পৰিমাণ অধিক হ’লে চৰ্বি হিচাপে সঞ্চিত কৰে। কিন্তু পইতা ভাতৰ (Panta Bhat) দ্বাৰা শৰীৰত অধিক কেলৰি অথবা চৰ্বি সঞ্চিত (Fat Loss) নহয়।
২. ভাতক ১২ ঘণ্টালৈ পানীত তিয়াই থ’লে তাত বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তাৰোপৰি লেক্টিক এচিড আৰু ভিটামিন-বি উৎপন্ন হয়। পানীত তিয়াই থোৱা ভাতত পটেছিয়াম আৰু আয়ৰনৰ মাত্ৰা দুগুণ হয়।
৩. এশ গ্ৰাম গৰম ভাতত ৩.৪ মিলিগ্ৰাম আয়ৰন থাকে। আনহাতে এৰাতি তিয়াই থোৱা পইতা ভাতত আয়ৰনৰ মাত্ৰা ৭৩.৯১ মিলিগ্ৰাম পোৱা যায়।
৪. উখুৱা চাউলৰ পইতা ভাতত পোৱা ভিটামিন বি-১২ৰ দ্বাৰা শৰীৰ শক্তিশালী হয় তথা ভাগৰ দূৰ কৰে আৰু কৰ্ম শক্তি বঢ়ায়।
৫. মাতৃ দুগ্ধ শিশুৰ বাবে অতি উপযোগী। পঁইতা ভাতত (Panta Bhat) লেক্টিক এচিড অধিক মাত্ৰাত পোৱা যায় বাবে ই মাতৃ দুগ্ধ অধিক নিঃসৰণ কৰাত সহায়ক হয়।
৬. কোষ্ঠকাঠিন্য (Constipation) এবিধ মানৱ শৰীৰৰ গুৰুত্বৰ সমস্যা। তিনিদিনতকৈ অধিক সময় পেটত মল সঞ্চিত হৈ থাকিলে, উদৰ ৰোগ হোৱাটো নিশ্চিত। আনহাতে কোষ্ঠকাঠিন্যৰ দৰৱ ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া বা আন ৰাসায়নিক ক্ৰিয়াৰ ফলত হদযন্ত্ৰত মলৰ গতি অনিয়মীয়া হৈ পৰে। এনে ক্ষেত্ৰত পইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ পেটৰ আন সমস্যাও নিৰাময় কৰে ।
৭. পইতা ভাতত (Panta Bhat) উৎপন্ন হোৱা ভিটামিন-বি আৰু আন মাইক্ৰ’-অৰ্গেনিজমবোৰৰ বাবে পাকস্থলীত হোৱা ঘা নিৰাময়তো সহায়ক হয়। ই পাকস্থলীৰ pH লেভেলৰো ক্ষমতা ৰক্ষা কৰে।
৮. পইতা ভাতে (Panta Bhat) ছাল গঠনৰ প্ৰাথমিক প্ৰ’টিন ক’লাজন তৈয়াৰ কৰাত সহায় কৰে। ক’লাজনে ছালৰ সংকুচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে।
৯. পইতা ভাতে ভিটামিন-ই সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে, যাৰ বাবে মানুহৰ শৰীৰত সোনকালে বয়সৰ চাপ নপৰে।
১০. ৰঙা চাউলৰ বা উখুৱা চাউলৰ পইতা ভাতত অধিক পৰিমাণৰ পটেছিয়াম থাকে। অধিক পৰিমাণৰ পটেছিয়ামযুক্ত খাদ্যই শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
১১. পইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰ’বায়’টিকৰ কাম কৰে আৰু আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে হজম হোৱা খাদ্য বাবে লিভাৰক সকাহ দিয়ে। দৈনন্দিন বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেণ্টবোৰক নিষ্কাশন কৰাত সহায় কৰে।
১২. পইতা ভাত (Panta Bhat) খালে শৰীৰত কেলৰি আৰু চৰ্বি বৃদ্ধি নহয়।
১৩. পইতা ভাত খালে যকৃৎ সুৰক্ষিত থাকে।
১৪. এই ভাতত আয়ৰনৰ পৰিমাণ বেছিকৈ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগীসকলৰ বাবে অতিকৈ উপকাৰী।
১৫. পইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয়।
১৬. পইতা ভাত সাধাৰণতে শীতল হয়। শৰীৰৰ তাপ বৃদ্ধিৰ ফলত আপোনাৰ বহুতো সমস্যা হ’ব পাৰে। ই আপোনাৰ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে।
১৭. পইতা ভাত ছাল গঠনৰ প্ৰাথমিক প্ৰ’টিন কোলাজন তৈয়াৰ কৰাত সহায়ক।
১৮. পইতা ভাত খালে পেট সম্পৰ্কীয় বিভিন্ন সমস্যাৰ পৰা সকাহ পাব পাৰি। ই শৰীৰৰ পৰা ক্ষতিকাৰক আৰু গৰম আঁতৰ কৰাত সহায় কৰে।
১৯. পইতা ভাতত (Panta Bhat) অধিক পৰিমাণে পটাচিয়াম থাকে। ই মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখে।
পইতা ভাত সাধাৰণতে উখোৱা চাউলৰ ভাতক ৭-৮ ঘণ্টা মান পানীত তিয়াই ৰাখিলে পইতা ভাত হয়, উখোৱা চাউল নহ’লেও অন্য চাউলৰ ভাত হলেও কোনো কথা নাই। ভাৰতৰ যিবোৰ ৰাজ্যৰ প্রধান খাদ্য ভাত, সেইসমূহ ৰাজ্যৰ সকলো লোকৰে পৰিচিত পইতা ভাত আৰু প্রিয়।
Photo: Google
Discussion about this post