লখিমপুৰত (Lakhimpur) ঈদ খাবলৈ যোৱা ৯ বছৰীয়া কণমানিক উপৰ্যুপৰি ধৰ্ষণ (Rape Case) ৫৫ বছৰীয়া বৃদ্ধ লম্পটৰ। ঘটনা সন্দৰ্ভত সংস্থা “ৱাৰিয়ৰ্ছ”ৰ এজাহাৰ দাখিল। লম্পটটোৰ নাম মহম্মদ চকৰত আলী। মুছলমান সম্প্ৰদায়ৰ পৱিত্ৰ উৎসৱ ঈদ (Eid Festival) উদযাপনৰ মাজতে লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত কাকৈ ৰাজগড় জালুৱাবস্তি (৫৫)ত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে।
লম্পট চকৰত আলীয়ে ঈদ খাবলৈ যোৱা এগৰাকী ৯ বছৰীয়া নাবালিকাক বাথৰূমত টানি নি উপৰ্যুপৰি ধৰ্ষণ কৰে। ইতিমধ্যে এই ঘটনাত হাতে-লোটে ধৰা পৰি লম্পটটোৱে স্বীকাৰ কৰিছে এই অপকৰ্মৰ কথা। লম্পট লোকজনক আটক কৰি ৰাইজে আৰক্ষীক গতাই দিয়ে।
বৃহস্পতিবাৰে ৱাৰিয়ৰ্ছ নামৰ বেচৰকাৰী সংস্থাটোৰ লখিমপুৰ জিলা সমিতি আৰু কাকৈ ৰাজগড় আঞ্চলিক সমিতিয়ে বগীনদী আৰক্ষী (Boginadi Police Station) থানাত এজাহাৰ দাখিল কৰে। কঠোৰ শাস্তি প্ৰদানৰ দাবী লোকজনক।
Photo & Input: গিৰিশ বৰুৱা
Discussion about this post