ডিব্ৰুগড় জিলাৰ (Dibrugarh District) টিংখঙৰ ২নং ৰঙাবননিত এক শোকাৱহ ঘটনা সংঘটিত (Tragic Incident) হৈছে। পুখুৰীত পৰি একেদিনাই একেখন ঘৰৰে ৩ পুত্ৰৰ কৰুণ মৃত্যু (3 Brothers Died)। বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই কৰুণ ঘটনাটো।
পুখুৰীত পৰা কনিষ্ঠ ভাতৃক বচাবলৈ যাওতে মৃত্যুক সাৱটি লয় আন দুজন ভাতৃয়েও। জানিব পৰা মতে, পুৱা পথাৰত হাল বাই উঠাৰ পিছত গৰু মেলি দিছিল তিনি ভাতৃয়ে। তাৰ পিছতে পুখুৰীত হাত-ভৰি ধুই থাকোতেই পৰি যায় কনিষ্ঠ ভাতৃ।
লগে লগে আন দুজন ভাতৃয়েও পুখুৰীত জাঁপ দি ভাতৃক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায়। কিন্তু তিনিও ভাতৃয়ে হেৰুৱাই প্ৰাণ (Death Of Three Children By Drowning In Pond)। স্থানীয় ৰাইজে ইতিমধ্যে কনিষ্ঠ ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও এতিয়া উদ্ধাৰ কৰিব পৰা নাই আন দুজন ভাতৃৰ মৃতদেহ।
জানিব পৰা মতে, জ্যেষ্ঠ ভাতৃৰ নাম আছিল পুলিন আছিল বিবাহিত। আনহাতে আন দুজন ভাতৃৰ এজনে এইবাৰ মেট্ৰিক পৰীক্ষা দিছিল, আৰু আনজন আছিল নৱম শ্ৰেণীৰ ছাত্ৰ। টিংখাঙৰ ৰাজগড়ৰ সমীপৰ ২নং ৰঙাবননী গাঁৱৰ কীৰণ হেমৰম আৰু অনিতা হেমৰমৰ পুত্ৰ কুলিন হেমৰম (১৭), পুলিন হেমৰম (২২), টুকু হেমৰম (১২)। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ দল।
Photo & Input: Khatang Khobor
Discussion about this post