অকলেণ্ডৰ চিৰিয়াখানাত জন্তুৰ দেহত প্ৰদান প্ৰতিষেধক। বাঘ, ক’লা ভালুক, সিংহ, জহামালক প্ৰদান কৰা হ’ল দুয়োপালি ভেকচিন।
কেলিফৰ্ণিয়াৰ ছেন ফ্ৰান্সিছক’ৰ অকলেণ্ডৰ চিৰিয়াখানাত জন্তুৰ দেহত প্ৰদান কৰা হ’ল ভেকচিন।
চিৰিয়াখানাখনৰ ভেটেনেৰী সেৱাৰ সভাপতি এলেক্স হাৰমেনে কয় যে- ” এতিয়ালৈ কোনো জন্তুয়ে ক’ৰোনাত আক্ৰান্ত হোৱা নাই যদিও, চিৰিয়াখানাখনৰ জন্তুবোৰ সুৰক্ষিত হৈ থকাটো আমি বিচাৰো।”
বাঘ, ক’লা ভালুক, সিংহ, জহামাল আদিক দুয়োপালি ভেকচিন প্ৰদানৰ পিছতেই চিৰিয়াখানাৰ বাকী “প্ৰিমেট” আৰু গাহৰিবোৰক ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
“জয়টিছ” নামৰ জন্তুৰ স্বাস্থ্যৰ সৈতে জড়িত প্ৰতিষ্ঠানে চিৰিয়াখানাৰ বনৰীয়া জন্তুক ভেকচিন প্ৰদানত আগ-ভাগ লৈছে। এই সংস্থাটোৱে বৰ্তমানলৈ প্ৰায় ৭০খন চিৰিয়াখানাৰ বন্যপ্ৰাণীবোৰক ১১ হাজাৰ ভেকচিন প্ৰদান কৰিছে।
Photo: Google





























Discussion about this post