গুৱাহাটী পৌৰ নিৰ্বাচনৰ (Guwahati Municipal Election) পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈ তিনিদিন ড্ৰাই ডে’ (Dry Day) ঘোষণা কৰিছে। লগতে ভোট গণনাৰ দিনটোতো অৰ্থাৎ ২৪ এপ্ৰিলৰ দিনাখনো ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।
২০ এপ্ৰিল অৰ্থাৎ কাইলৈ ৪.৩০ বজাৰ পৰা ২২ এপ্ৰিলৰ ৪.৩০ বজালৈ বন্ধ থাকিব সকলো সুৰাৰ বিপণী, বাৰ, বণ্ডেড ৱেৰ হাউছ। কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ স্বাক্ষৰযুক্ত এক জাননীযোগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ (Dry Day) ঘোষণা কৰাৰ জাননী প্ৰকাশ কৰা হয়।
ড্ৰাই ডে’ৰ সময়ত গুৱাহাটী মহানগৰ (Guwahati) জিলাত সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ থাকিব। ড্ৰাই ডে’ৰ সময়ত ব্যক্তিগতভাৱে সুৰা গোটাই ৰখাটোৱো নিষিদ্ধ কৰা হৈছে। গুৱাহাটী পৌৰ নিগমৰ ষাঠিটা ৱাৰ্ডত ড্ৰাই ডে’ৰ সময়ত সুৰাৰ বিক্ৰী বন্ধ কৰাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জাননীত উল্লেখ কৰা হয়।
Photo: Google
Discussion about this post