গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’লৰ (Guwahati Express Train) ৫ গৰাকী যাত্ৰীক মহটিয়াই নিলে আন এখন ৰে’লে (Five Persons Were Killed And Several Others Injured After A Speeding Express Train Run Them Over)। দুৰ্ঘটনাটোত নিহত ৫ গৰাকী লোক। ইয়াৰে দুগৰাকী লোক অসমৰ বুলি জানিব পৰা গৈছে। সোমবাৰে নিশা সংঘটিত হয় এই কৰুণ ঘটনাটো। গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনৰ ৫ যাত্ৰীয়ে দুৰ্ঘটনাবশতঃ প্ৰাণ হেৰুৱাই।
অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলম (Andhra Pradesh’s Srikakulam) নামৰ ঠাইত সোমবাৰ নিশা সংঘটিত হয় এই ঘটনা। কোণাৰ্ক এক্সপ্ৰেছ ৰে’লৰ (Konark Express) চকাৰ তলত অহাৰ ফলত মৃত্যু মুখত পৰে লোক কেইগৰাকী। ইয়াৰ বাহিৰে অন্য এগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত লোকগৰাকীক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীয়ে ঘটনা বিষয়ে জনাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে (Chief Minister Jagan Mohan Reddy) এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি- গুৱাহাটী এক্সপ্ৰেছ ৰে’লখন যাত্ৰাৰ সময়তে তাৰ পৰা ধোঁৱা ওলোৱা দেখিবলৈ পাইছিল।
লগে লগে যাত্ৰী সকলে চেইন টানি ৰে’লখন ৰখাই কি হৈছে জানিবলৈ তললৈ নামি গৈ অন্য এটা ট্ৰেকত থিয় হয়। তেতিয়াই অন্য দিশেৰে অহা এখন অন্য ৰে’লে লোক কেইগৰাকীক খুন্দিয়াই যায়।
অৱশ্যে বিভাগীয় তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। অন্ধ্ৰ প্ৰদেশ চৰকাৰে মৃত লোককেইজনৰ পৰিয়াললৈ ২-২ লাখ টকাৰ এককালীন অনুদান ঘোষণা কৰিছে।
দুৰ্ঘটনাটোৰ ফলত ৫ জন লোকে থিতাতে প্ৰাণ হেৰুৱাই, ইয়াৰে ভিতৰত দুগৰাকী লোক অসমৰ বুলি জানিব পৰা গৈছে। অন্য তিনিগৰাকীৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই। আনহাতে আহত গৰাকী ওড়িষাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
Photo: Google
Discussion about this post