ডবকাৰ (Dabaka) শালবাগানত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথতত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। নম্বৰপ্লেটবিহীন দ্ৰুতবেগী মহিন্দ্ৰা XUVৰ মুখামুখি সংঘৰ্ষ দুখন বাইকৰ সৈতে (Car And Two Bike Collision) ৷ দুৰ্ঘটনাটোত থিতাতে নিহত (One Death) এজন লোক, গুৰুতৰভাবে আহত ৪জন লোক (4 Person Injured)।
নিহত লোকজন কাৰ্বিআংলঙৰ হাঁওৰাঘাট নেপালী বস্তিৰ বিজয় চেত্ৰী ৷ তেওঁ ৰূপহীৰ এখন বিদ্যালয়ৰ শিক্ষক আছিল ৷ আহত কেইজন হল সূৰ্য্য ইংতি, গৌতম তকবি, অচ্যুত দাস, নজমূল হুছেইন ৷
অচ্যুত দাস আৰু নজমুল হুছেইন নগাঁৱৰ টাটা মৰ্টছৰ কৰ্মচাৰী ৷ সূৰ্য্য ইংতি আৰু গৌতম তকবি কাৰ্বিআংলং পাৰখোৱাৰ লক্স গাঁৱৰ ৷ দুঘটনাত পতিত হোৱা ৰ’য়েল এনফিল্ড খনৰ নম্বৰ AE01ET 9653 আৰু বাজাজ এভেঞ্জাৰ খনৰ নম্বৰ AS09H 4315 ।
অৱশ্যে বাতৰি সংগ্ৰহ কৰাৰ সময়লৈ পথ দুৰ্ঘটনাটোত (Horrific Road Accident) মৃত্যু হোৱা লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন কেইখন উদ্ধাৰ কৰাৰ লগতে আঘাতপ্ৰাপ্ত লোকসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
Photo: Khatang Khobor
Discussion about this post