শনিবাৰে জাপানৰ টকিঅ’ৰ পশ্চিম আটামি চহৰত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ পিছত প্ৰায় ১৯ জন লোক সন্ধানহীন হয়। এই তথ্য জানিবলৈ দিয়ে আৰক্ষী বিষয়াই।
১২টাতকৈ অধিক ঘৰ ধ্বংস হোৱাৰ আশংকা
চিজুওকা প্ৰদেশৰ মুখপাত্ৰ তাকামিচি চুগিয়ামাই ক’লে যে, আটামীত ১২টাতকৈ অধিক ঘৰ ধ্বংস হোৱাৰ আশংকা কৰা হৈছে।
ৰাজ্যিক সম্প্ৰচাৰক এন.এইচ.কেয়ে সন্ধানহীন লোকৰ সংখ্যা ২০জন বুলি কৈছে, কিন্তু চুগিয়ামাই কমেও ১৯ জন লোক সন্ধানহীন হোৱাটো নিশ্চিত কৰিছে। তেওঁ লগতেকয় যে, এই সংখ্যা বৃদ্ধিও হ’ব পাৰে।
বৃহৎ এলেকাবোৰ খালি কৰাৰ সতৰ্কবাণী
জাপানৰ কিছু অংশত এই সপ্তাহৰ আৰম্ভণিৰ পৰা মুষলধাৰ বৰষুণ অব্যাহত। সুগিয়ামাই ক’লে যে, অঞ্চলটোত ৰাতিপুৱাৰে পৰা ধাৰাসাৰ বৰষুণ হৈ আছিল।
অগ্নি-নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লগতে আত্মৰক্ষা বাহিনীয়ে উদ্ধাৰ অভিযানত যোগদান কৰিব। বৰষুণৰ বাবে বৃহৎ অঞ্চলবোৰ খালি কৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে।
টিভি ফুটেজত ভয়ানক দৃশ্য প্ৰকাশিত
ফুটেজটোত মাটি পৰ্বতৰ ফালে ডুব যোৱা দেখা গৈছে আৰু ইয়াক ঘৰৰ ওপৰত পৰি থকা আৰু ৰাস্তাৰে আহি থকা গাড়ীসমূহ কঢ়িয়াই নিয়া দেখা গৈছে। এনএইচকেৰ টিভি ফুটেজত দলংখনৰ এটা অংশ ভাঙি পৰা দেখা যায়।
Photo: Google
Discussion about this post