Health Tips: যৌনতা (Sex) যিকোনো দম্পতীৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ যি তেওঁলোকক তেওঁলোকৰ সংগীৰ সৈতে সুখী মুহূৰ্ত কটোৱাত সহায় কৰে। প্ৰায়ে দম্পতীসকলে অভিযোগ কৰে যে সময়ৰ লগে লগে তেওঁলোকৰ যৌন জীৱনৰ (Sex Life) ৰোমাঞ্চ আঁতৰি গৈছে, যাৰ মুখ্য কাৰণ হৈছে যৌন সক্ৰিয়তা (Sex Drive) হ্ৰাস। মানুহে যৌন সক্ৰিয়তা বৃদ্ধি কৰিবলৈ বহুতো বাবা-সাধুকো লগ ধৰে। কিন্তু ইয়াৰ বাবে আপোনাক প্ৰয়োজন পুষ্টিকৰ আহাৰৰ যিয়ে আপোনাৰ যৌন সক্ৰিয়তা আভ্যন্তৰীণভাৱে বৃদ্ধি কৰিবলৈ কাম কৰে। আজি এই খণ্ডটোত আমি আপোনাৰ ওচৰলৈ এনে কিছুমান ফলৰ বিষয়ে লৈ আছিছো যিবোৰ আহাৰত অন্তৰ্ভুক্ত কৰি, আপুনি আপোনাৰ যৌন জীৱন (Sex Life) উন্নত কৰিব পাৰে। গতিকে আহক জানো ইয়াৰ বিষয়ে…
তৰমুজ (Watermelon)
এই ফলবোৰৰ তালিকাত প্ৰথম নামটো আহে তৰমুজৰ। তৰমুজক প্ৰাকৃতিক ভায়াগ্ৰা (Natural Viagra) বুলিও কোৱা হয়। ইয়াত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আৰু এমিনো এচিড থাকে যি তেজৰ প্ৰৱাহ উন্নত কৰাত সহায়ক। তৰমুজত পোৱা Citrullineয়ে ৰক্তনলীবোৰ স্বাস্থ্যৱান কৰি ৰাখে যাৰ ফলত Erectile dysfunctionৰ সমস্যা হ্ৰাস হয়। Citrullineত ইৰেক্টাইল ডিচফাংছন উন্নত কৰাৰ ক্ষমতা থাকে।
ষ্ট্ৰবেৰী (Strawberry)
শুনিবলৈ আচৰিত লাগিছে হয় নে! কিন্তু এইটো সঁচা যে ষ্ট্ৰবেৰীক ছেক্সী খাদ্য বুলি কোৱা হয়। ইয়াৰ ব্যৱহাৰ ফ’ৰপ্লেৰ সময়ত উত্তেজনা বঢ়োৱা খাদ্য হিচাপে হয়। ইয়াত এণ্টিঅক্সিডেণ্ট থাকে যিয়ে আমাৰ শৰীৰত ৰক্ত সঞ্চালন ভাল হয়, যি যৌন কাৰ্যকলাপ আৰু প্ৰজননৰ বাবে অত্যাৱশ্যকীয়।
এভকাডো (Avocado)
এটা Healthy Sex Driveৰ বাবে ফলিক এচিড আৰু ভিটামিন ৬ৰ প্ৰয়োজন। এই দুয়োটা বস্তু এভকাডোত পৰ্যাপ্ত পৰিমাণত পোৱা যায়। ইয়াত ভিটামিন ই থাকে, যি টেষ্টোষ্টেৰন (Testosterone) হৰমন বৃদ্ধি কৰে যাৰ ফলত যৌন জীৱন আৰু অধিক আমোদজনক কৰি তোলে।
নেমু (Lemon)
নেমুত যথেষ্ট পৰিমাণৰ ভিটামিন C পোৱা যায়। ই মুড ভাল কৰাৰ লগতে যৌন সক্ৰিয়তা (Sex Drive) বৃদ্ধি কৰে। নেমুত পোৱা যৌগবোৰে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। ইৰেক্টাইল ডিচফাংছনৰ (Erectile dysfunction) সমস্যাটো সাধাৰণতে উচ্চ ৰক্তচাপৰ সৈতে সম্পৰ্কিত। এনেদৰে নেমুই পৰোক্ষভাৱে ইৰেক্টাইল ডিচফাংছন উন্নত কৰে। উচ্চ ৰক্তচাপৰ উপৰিও উচ্চ কলেষ্টেৰল আৰু ডায়েবেটিচৰ ফলতো ইৰেক্টাইল ডিচফাংছন হয়। প্ৰতিদিনে নেমু সেৱন কৰি এই দুয়োটা বস্তু নিয়ন্ত্ৰণ কৰি যৌন সক্ৰিয়তা সহজে বৃদ্ধি কৰিব পাৰি।
পীচ ফল (Peach)
পীচ ফলত ভিটামিন চি থাকে যাৰ ফলত Sperm Count উন্নত হয় আৰু ই মহিলাসকলৰ মাতৃ হোৱাটো সহায়ক। যদি মহিলাৰ যৌন সম্ভোগৰ আকাংক্ষা হ্ৰাস পাইছে, তেনেহ’লে পীচৰ ব্যৱহাৰে কামশক্তি বৃদ্ধি কৰে আৰু তেওঁলোকৰ যৌন সম্ভোগ কৰাৰ ক্ষমতাও বৃদ্ধি হয়। তেওঁ তেওঁৰ সংগীক ভালদৰে সন্তুষ্ট কৰিবলৈ সক্ষম হয়।
ডালিম (Pomegranate)
ডালিমক কেতিয়াবা ভায়াগ্ৰাৰ সৈতে তুলনা কৰা হয়। কাৰণ ই যোনিত (Vagina) ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু ই Libido বৃদ্ধি কৰায়। ডালিমৰ ৰস খালে মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত টেষ্টোষ্টেৰন হৰমনৰ স্তৰ যথেষ্ট বৃদ্ধি হয়। যাৰ ফলত মহিলাৰ Adrenal Glandত প্ৰভাৱ পৰে আৰু তেওঁলোকৰ যৌন সম্ভোগ কৰাৰ আকাংক্ষাও বৃদ্ধি হয়। ডালিমক কেতিয়াবা ভায়াগ্ৰাৰ সৈতে তুলনা কৰা হয় কিয়নো ই যোনিত ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু ই কামশক্তি বৃদ্ধি কৰায়।
ৰৱাব টেঙা (Pomelo)
ৰৱাব টেঙা হৈছে নেমুজাতীয় ফলৰ আটাইতকৈ উপকাৰী। ইয়াত পোৱা বহুতো উপাদানে ঔষধৰ দৰে কাম কৰে। ভায়াগ্ৰাত পোৱা Sildenafil ইংগ্ৰেডিয়েণ্ট সহজে পুৰুষৰ শৰীৰত শোষিত নহয়। কিন্তু যদি ইয়াৰ সৈতে ৰৱাব টেঙা খোৱা হয়, তেনেহ’লে ই সৰ্বশ্ৰেষ্ঠ ফলাফল লাভ কৰে। ৰৱাব টেঙা খালে Sildenafil সহজতে তেজত মিহলি হৈ যায়।
কিৱি (Kiwi)
কিৱিত কমলাতকৈ অধিক ভিটামিন চি থাকে। ইয়াৰ উপৰিও, ইয়াত ভিটামিন ই আৰু চেৰোটনিনো যথেষ্ট পৰিমানত পোৱা যায়। এক অধ্যয়ন অনুসৰি, কিৱি ইৰেক্টাইল ডিচফাংছনৰ চিকিৎসাত ব্যৱহৃত টাডালাফিলে ঔষধটোৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত কিৱিও যথেষ্ট লাভজনক।
কল (Banana)
যৌন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে কল খোৱা ভাল, কিয়নো কলত ভিটামিন এ, বি আৰু পটাছিয়াম থাকে। যিয়ে যৌন হৰমন বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও কলত ব্ৰোমেলাইন নামৰ এক এনজাইম থাকে যি যৌনতাৰ আকাংক্ষা বৃদ্ধি কৰে, সেয়েহে কল খোৱাটো যথেষ্ট ভাল বুলি গণ্য কৰা হয়। কলত খনিজ আৰু এনজাইম থাকে যি কামোদ্দীপক বৃদ্ধি কৰে।
আপেল (Apple)
এক অধ্যয়ন অনুসৰি যৌন আকাংক্ষা বৃদ্ধি কৰাত আপেল অতি উপকাৰী। ইয়াত পোৱা পলিফেনল আৰু এণ্টিঅক্সিডেণ্টে ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যি যৌন কাৰ্যক অধিক উন্নত কৰে। আপেলে শৰীৰত ফিটেষ্ট্ৰজেন যৌন হৰমন বৃদ্ধি কৰিবলৈ কাম কৰে।
Photo: Google
Discussion about this post