আজি নিশা এঘণ্টাৰ বাবে বিদ্যুতৰ ছুইটছ বন্ধ (Light Switch Off) কৰি ৰাখিবলৈ আহ্বান বিদ্যুৎ বিভাগৰ (APDCL Urges)। নিশা ৮.৩০ৰ পৰা ৯.৩০ বজালৈ বিদ্যুতৰ ছুইটছ বন্ধ ৰাখিবলৈ আহ্বান APDCLৰ। ধৰিত্ৰী ঘণ্টাৰ (Earth Hour) বাবে আজি নিশা এঘণ্টাৰ বাবে বন্ধ ৰাখক বিদ্যুতৰ ছুইছ। আজি এটা ঘণ্টাৰ বাবে বন্ধ ৰাখক বিদ্যুতৰ ছুইছ- বিদ্যুৎ বিভাগৰ ফালৰ পৰা সদৰি কৰিছে এই বাৰ্তা। সাধাৰণ জনতাক আহ্বান জনাইছে এটা ঘণ্টাৰ বাবে বিদ্যুতৰ ছুইছ বন্ধ ৰখাৰ বাবে।
২৬ মাৰ্চ শনিবাৰ আজি নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ সকলো লাইট বন্ধ ৰখাৰ বাবে আহ্বান। অৱশ্যে অত্যন্ত প্ৰয়োজনীয় বিদ্যুতৰ লাইট বন্ধ নকৰিলেও হ’ব বুলি সদৰি কৰিছে বিদ্যুৎ বিভাগে। তাৰ বাহিৰে সকলো প্ৰকাৰৰ লাইত বন্ধ ৰাখিবলৈ আহ্বান জনাইছে অসম বিদ্যুৎ বিভাগৰ (APDCL Tweet) এক টুইটৰ জৰিয়তে
APDCL requests the people of Assam
to observe the “Earth Hour” on 26th March, 2022, Saturday by switching off the lights (except most essential lights) from 8-30 PM to 9-30 PM as a support to WWF – INDIA.@CMOfficeAssam @BimalBorah119— APDCL (@apdclsocial) March 26, 2022
উল্লেখ্য, সমগ্ৰ বিশ্বতে প্ৰতি বছৰে মাৰ্চ মাহৰ শেষৰ ফালে এই ধৰিত্ৰী ঘণ্টা পালন কৰা হয়। এটা ঘণ্টাৰ বাবে ঘৰুৱা লাইট সমূহ বন্ধ কৰি ৰাখি জলবায়ু পৰিৱৰ্তনৰ বিৰোধিতা কৰাৰ বাবে এই আহ্বান।
২০০৭ চনত অষ্ট্ৰেলিয়াৰ চিডনীত আৰম্ভ হৈছিল এই ধৰিত্ৰী ঘণ্টা (Earth Hour)। তাৰ পাছতে সেই উদ্দ্যেশ্যক সমৰ্থন জনাই বিশ্বৰ মুঠ ৩৫খন দেশে ২০০৮ চনৰ ২৯ মাৰ্চ তাৰিখে নিশা ৮ বজাৰ পৰা ৯ বজালৈ এটা ঘণ্টাৰ বাবে বন্ধ ৰাখিছিল বিদ্যুতৰ ছুইছ।
যি কথাই প্ৰমাণ কৰিছিল পৃথিৱী ৰক্ষাৰ বাবে বৰ্তমানৰ যুগত মানুহৰ সজাগতা কিমান। এইবাৰো সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ধৰিত্ৰী ঘণ্টা পালন কৰা হব। সেই উদ্দ্যেশ্যেই আজি অসমতো সেই উদ্দ্যেশ্যে সাৰ্থক কৰাৰ বাবে আহ্বান জনতাক।
Photo: Google
Discussion about this post