প্ৰেমৰ নামত ব্লেকমেইলিঙৰ বলি হৈ আত্মহত্যা (Suicide) এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰীৰ (Matric Candidate)। দুখন পেপাৰৰ পৰীক্ষা দিয়াৰ পিছতেই আত্মহত্যা (Suicide) কৰে ছাত্ৰীগৰাকীয়ে। আত্মহত্যাৰ চৰম সিদ্ধান্ত কিয় ল’লে ছাত্ৰীগৰাকীয়ে?
বৰপেটা (Barpeta) জিলাৰ সৰ্থেবাৰী থানাৰ (Sarthebari Police Station) অন্তৰ্গত নেউলাৰ ভিটা অধিৰ মণ্ডলৰ কন্যা মিতালী মণ্ডল। যোৱা ১৯ মাৰ্চত ঘৰত কোনো নথকাৰ সুযোগতে দিনৰ ভাগতে নিজ গৃহত চিপ লৈ আত্মহত্যা (Suicide Case) কৰে মিতালী মণ্ডলে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি বামুন্দি গাঁৱৰ মৰন সৰকাৰৰ পুত্ৰ বিশাল সৰকাৰে মিতালী মণ্ডলৰ লগত তোলা কিছু অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰিছিল সামাজিক মাধ্যমত (Photo Viral On Social Media)। প্ৰেমিকা মিতালী মণ্ডলক বিশাল সৰকাৰে দিছিলে ভয় আৰু ভাবুকি।
মিতালী মণ্ডলে সেয়া প্ৰকাশ কৰিব নোৱাৰি বাচি লৈছিল আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত। প্ৰেমৰ সুযোগ গ্ৰহণ কৰি বিশাল সৰকাৰে মিতালী মণ্ডলৰ লগত তুলিছিল অন্তৰংগ মুহূৰ্তৰ ফটো। আৰু সেই ফটো ভাইৰেল কৰিছিল ছচিয়েল মিডিয়াত।
প্ৰকৃত তথ্য পোহৰলৈ আহিব আৰক্ষীৰ নিৰপেক্ষ তদন্তত। ঘটনা বিৱৰি মিতালী মণ্ডলৰ পৰিয়ালে সৰ্থেবাৰী থানাত (Sarthebari Police) এজাহাৰ দাখিল কৰে। মিতালী মণ্ডলৰ মৃত্যুত নেউলাৰ ভিটা অঞ্চলত শোকৰ ছাঁ।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post