কানাডাৰ (Canada) অণ্টাৰিঅ’ত (Ontario) সংঘটিত এক পথ দুৰ্ঘটনাত (Road Accident) পাঁচজন ভাৰতীয় ছাত্ৰই (5 Indian students killed) কৰুণ মৃত্যুক সাৱটি লয়। কানাডিয়ান আৰক্ষীয়ে (Canadian police) এই তথ্য দিছিল। কানাডিয়ান প্ৰেছৰ বাতৰি অনুসৰি শনিবাৰে দক্ষিণ অণ্টাৰিঅ’ৰ কুইণ্ট ৱেষ্ট চহৰৰ ৪০১নং ঘাইপথত এখন ভান আৰু ট্ৰেক্টৰৰ মাজত সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বাতৰি অনুসৰি হৰপ্ৰীত সিং (Harpreet Singh) , জস্পিন্দৰ সিং (Jaspinder Singh), কৰণপাল সিং (Karanpal Singh), মোহিত চৌহান (Mohit Chouhan) আৰু পৱন কুমাৰক (Pawan Kumar) ঘটনাস্থলীত মৃত ঘোষণা কৰা হয়। ছাত্ৰ কেইজনৰ বয়স ২১ৰ পৰা ২৪ বছৰৰ ভিতৰত। আৰক্ষীয়ে কৈছিল যে তেওঁলোক আটাইকেইজন গ্ৰেটাৰ টৰণ্টো আৰু মণ্ট্ৰিয়েল অঞ্চলৰ বিদ্যালয়ৰ শিক্ষাৰ্থী আছিল।
কানাডাত ভাৰতৰ উচ্চায়ুক্ত (High Commissioner of India) অজয় বিছাৰিয়াই (Ajay Bisaria) ঘটনাটোক এক “হৃদয়বিদাৰক ঘটনা” বুলি বৰ্ণনা কৰিছে। তেওঁ টুইট কৰিছিল: “কানাডাত হৃদয়বিদাৰক ট্ৰেজেডী। শনিবাৰে টৰণ্টোৰ ওচৰত এখন বাহন দুৰ্ঘটনাত পাঁচজন ভাৰতীয় শিক্ষাৰ্থী নিহত হৈছিল। আৰু দুজন চিকিৎসালয়ত আছে। পীড়িতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আমি যিকোনো ধৰণৰ সহায়ৰ বাবে ভুক্তভোগীৰ বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰি আছো। ”
Deeply mourn the passing away of 5 Indian students in Canada. Condolences to their families. Pray for the recovery of those injured. @IndiainToronto will provide all necessary support and assistance. https://t.co/MAkMz0uwJ7
— Dr. S. Jaishankar (Modi Ka Parivar) (@DrSJaishankar) March 14, 2022
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-mans-flirting-after-marriage-reason-why/7583/
Discussion about this post