ছাত্ৰীৰ চেণ্ডেলৰ চৰ শিক্ষকৰ গালত। লাথ ভৰিত, পিঠিত ফলা খৰিৰ কোব। এই ঘটনাটো সংঘটিত হৈছে গোৱালপাৰাৰ (Goalpara) পলিটেকনিকত (Polytechnic)। গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সানিলে পৈশাচিক শিক্ষকে।
এই লম্পট শিক্ষকজনক যিয়ে যেনেকৈ পাৰে মাৰিছে (Teacher Beaten By Girls Student)। হাতত চেণ্ডেল লৈ, ফলা খৰি লৈ কোবাইছেহে কোবাইছে শিক্ষকজনক। এই ঘটনাটো এখন গাৰ্লছ হোষ্টেলৰ চৌহদৰ। ছাত্ৰীসকলৰ লগতে শিক্ষকক প্ৰহাৰ কৰিছে হোষ্টেলৰ কৰ্মচাৰীৰ লগতে ওচৰৰ যুৱকেও। সকলোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে পলিটেকনিকৰ junior Instractor ধৰ্মেন্দ্ৰ দাস নামৰ এইজন শিক্ষকক। সকলোৰে মুখত মাথো এটাই কথা ‘মাৰ তাক মাৰ’। শিক্ষকজনক হোষ্টেলৰ চৌহদতে এটা খুঁটাত ৰচিৰে বান্ধিও প্ৰহাৰ কৰে সকলোৱে।
Watch Video-
ঘটনাটো হৈছে- পলিটেকনিকৰ এগৰাকী ছাত্ৰীক পৰীক্ষাৰ নম্বৰ বঢ়াই দিয়াৰ টোপ দি অশ্লীল প্ৰস্তাৱ দিয়া আৰু ধৰ্ষণৰ প্ৰচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন পলিটেকনিকৰ junior Instractor ধৰ্মেন্দ্ৰ দাসৰ বিৰুদ্ধে। ভুক্তভোগী ছাত্ৰীগৰাকীয়ে লগে লগে এই বিষয়ে আন ছাত্ৰীসকলক অৱগত কৰাই। আৰু তাৰ পিছৰ পৰিস্থিতি এয়া।
ছাত্ৰীসকলে ধৰি আৰক্ষীক খবৰ দিয়াত শিক্ষকজনক গোৱালপাৰা সদৰ থানালৈ আনে আৰু শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
Photo & Input: Khatang Khobor
Discussion about this post