নগাঁৱৰ (Nagaon) বঢ়মপুৰ (Barhampur) জলসিঞ্চন (Water Resource Department) সংমণ্ডলত জালিয়াতিৰে চাকৰিত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসহ দুগৰাকী মহিলা। আৰক্ষীয়ে গ্ৰেপ্তাৰ (Arrest) কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন হৈছে ৰাজীৱ ৰায় ওৰফে জয় বাহাদুৰ আৰু মহিলা দুগৰাকীৰ নাম হৈছে নমিতা দেৱী আৰু পমি কলিতা শইকীয়া ৷
পমি আৰু নমিতাক চতুৰ্থ বৰ্গ পদৰ বাবে ভুৱা নিয়ুক্তি পত্ৰ দিছিল ৰাজীৱ ৰায়ে। ৰাজীৱে পূৰ্বতে জলসিঞ্চন বিভাগৰ খালাচী পদত কাৰ্যনিবাহ কৰিছিল যদিও NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা ৰাজীৱক চাকৰিৰ পৰা নিলম্বিতও কৰিছিল বিভাগে।
নিলম্বিত ৰাজীৱে জলসিঞ্চন বিভাগৰ (Water Resource Department) নগাঁও (Nagaon) বঢ়মপুৰ (Barhampur) সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়লৈ বৰঘাটৰ পমি কলিতা শইকীয়া আৰু ৰহাৰ নমিতা দেৱীক চাকৰিত যোগদান কৰাবলৈ লৈ আহে। কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলৰ নিযুক্তি পত্ৰখনৰ নমুনা চাই সন্দেহ ওপজাত পৰীক্ষা নিৰীক্ষা কৰাত সকলো কথা পোহৰলৈ আহে।
পিছত কাৰ্যালয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়াত ইটাচালি আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ তিনিওজনে আটক কৰে। জয়ৰামে নিযুক্তি দিয়াৰ নামত মহিলাদুগৰাকীৰ পৰা মুঠ ৩ লাখ ৪০ হাজাৰ টকা আদায় কৰা বুলি জানিব পৰা গৈছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post