এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইয়াত এজন লোকক ভাষণ দিয়া দেখা পোৱা গৈছে। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে, ভাষণ দিয়া লোকজন হৈছে অসমৰ মুখ্যমন্ত্ৰী। খাটাং খবৰে যেতিয়া ভাইৰেল পোষ্টটো পৰীক্ষা কৰিছিল, আমি জানিবলৈ পালো যে এইটো ভুৱা আছিল। ভিডিঅ’টোত প্ৰত্যক্ষ কৰা লোকজন অসমৰ মুখ্যমন্ত্ৰী নহয়। এই লোকজনৰ নাম গৌৰৱ প্ৰধান।
কিয় ভাইৰেল হৈ আছে
ফেচবুক ব্যৱহাৰকাৰী বিনোদ কে ভাণ্ডাৰীয়ে ভিডিঅ’টো এটা গ্ৰুপত আপলোড কৰাৰ সময়ত দাবী কৰিছিল যে, ভিডিঅ’টো অসমৰ মুখ্যমন্ত্ৰীৰ। তেওঁ লিখিছিল: “অসমৰ মুখ্যমন্ত্ৰীৰ আটাইতকৈ চুটি ভাষণ য’ত তেওঁ সকলো কথা কৈছিল। বুজক তেওঁক যদি আপোনাৰ বুজিব পৰা ক্ষমতা আছে।’
পোষ্টটোৰ Archive version ইয়াত দেখা পোৱা গৈছে। এই ভিডিঅ’টো ফেচবুকত সঞ্জীৱ ছেহৰাৱট আৰু অশোক অত্ৰীৰ দৰে ব্যৱহাৰকাৰীয়ে আপলোড কৰিছে।
অনুসন্ধান
খাটাং খবৰে প্ৰথমে ভাইৰেল ভিডিঅ’টো InVID টুলত আপলোড কৰি কেইবাটাও স্ক্ৰীণশ্বট উলিয়ালে। তাৰ পিছত স্ক্ৰীণশ্বটবোৰ গুগল ৰিভাৰ্চ ইমেজ টুলত আপলোড কৰি আচল ভিডিঅ’টো বিচাৰিবলৈ আৰম্ভ কৰে। আচল ভিডিঅ’টো সমৰ্থ ভাৰত মঞ্চ নামৰ এটা ইউটিউব চেনেলত পোৱা গৈছিল। ভিডিঅ’টো ৩ জানুৱাৰী, ২০২০ত আপলোড কৰা হৈছিল। ভিডিঅ’টোৰ কেপচনৰ পৰা আমি জানিব পালো যে ভিডিঅ’টোত ভাষণ দি থকা লোকজনৰ নাম গৌৰৱ প্ৰধান। আচল ভিডিঅ’টোৰ স্কেন কৰোতে জানিব পালো যে, ৯:৪০ মিনিটৰ পৰা ১০:৫৫লৈ ক্লিপটো এডিট কৰি অসমৰ মুখ্যমন্ত্ৰীৰ নামত ভাইৰেল কৰা হৈছিল। আপুনি ইয়াত সম্পূৰ্ণ ভিডিঅ’টো চাব পাৰে।
এতিয়া আমি এইটো জানিব বিচাৰিছিলো যে, গৌৰৱ প্ৰধান কোন হয়। আমি সামাজিক মাধ্যমত তেওঁৰ এটা প্ৰ’ফাইল বিচাৰি পাইছিলো। তাত আছিল যে, গৌৰৱ প্ৰধান ফাউণ্ডেচনৰ এজন সঞ্চালক। তেওঁ গ্ৰেটাৰ নয়ডাত বাস কৰে।
অনুসন্ধানটো আগুৱাই লৈ, আমি সেই ব্যৱহাৰকাৰীজনৰ প্ৰ’ফাইল স্কেন কৰিলো, যিয়ে ভুৱা পোষ্ট কৰিছিল।
উপসংহাৰঃ খাটাং খবৰৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা ওলাল। ভিডিঅ’টোত অসমৰ মুখ্যমন্ত্ৰী নহয় আৰু ভিডিঅ’টো পুৰণি।
Photo: Facebook
Discussion about this post