নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুণী শুকানজুৰি, তপতজুৰি, মিকিৰ বামুণী, হায়াংথল আদি অঞ্চলৰ পাঁচ সহস্ৰাধিক জনজাতীয় লোকে দীৰ্ঘদিন ধৰি এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া বিষয়ে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফোপোলা স্বৰূপটো উন্মোচিত হৈছে।
যি সময়ত প্ৰধানমন্ত্ৰীয়ে অভিলাষী আঁচনি ” জল জীৱন মিছন”ৰ জৰিয়তে ঘৰে-ঘৰে বিশুদ্ধ পানী দিয়াৰ প্ৰয়াস কৰিছে তেনে সময়ত নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত পাহাৰৰ দাঁতিকাষৰীয়া বৃহত্তৰ অঞ্চলৰ ৰাইজে দীৰ্ঘদিনে কেঁচা কুঁৱা, জান-জুৰি খাল-বিলৰ পানী খাই জীৱন নিৰ্বাহ কৰি আহিছে। বিশুদ্ধ খোৱা পানীৰ কথাটো বাদেই গা-ধোৱা,কাপোৰ -ধোৱা,বাচন-বৰ্তন ধোৱা আদি বিভিন্ন অত্যাৱশ্যকীয় কামত প্ৰয়োজনীয় পানীৰ বাবেও বহু দূৰলৈ দূৰলৈ দূৰলৈ যাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজ ।
ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, অঞ্চলটোৰ পুৰুষ-মহিলা সকলে পানীৰ ভাবে কান্ধত,মূৰত অথবা ঠেলাগাড়ী চাইকেলেৰে , প্লাষ্টিকৰ ড্ৰাম,আদিত কঢ়িয়াই লৈ যায় ডেৰ-দুই কিলোমিটাৰ নিলগত শুকাণজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা গেলা কুঁৱা বা জুৰিলৈ যাব লাগে। আন একাংশ লোকে আকৌ ঘৰৰ চৌহদতে খান্দি লোৱা কেঁচা কুঁৱাৰ দূষিত পানীকে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে।
অৱশ্যে অঞ্চলটোৰ আহোমগাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান আঁচনি আছে যদিও দিৰ্ঘদীন মেৰামতিৰ অভাৱত এই আঁচনিখন বিকল হৈ আছে। স্থানীয় ৰাইজৰ বহু আবেদন-নিবেদনৰ পাছতো নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে মেৰামতি নকৰাত উপায়বিহীন হৈ অঞ্চলকেইটাৰ ৰাইজে শুকানজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা কুৱাঁৰ লগতে জুৰিৰ দূষিত পানী সেৱন কৰি থাকিব লগা হৈছে।
ফ্লৰাইড, আৰ্চেনিক থকাৰ স্পৰ্শকাতৰ অঞ্চলসমূহৰ জনজাতীয় লোক সকলে দীৰ্ঘদিনে এনেদৰে প্ৰদূষিত পানী সেৱনৰ ফলত বহু লোকে প্ৰায়ে চৰ্ম ৰোগ , চকু, আৰু দাঁতৰ ৰোগ, পেটৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায় ।
সম্প্ৰতি অঞ্চলৰ ৰাইজে নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰকাৰক পানী যোগান আঁচনি স্থাপনৰ বাবে আবেদন জনাইছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post