ভূৰাগাঁৱৰ বালিডোঙাৰ হত্যাকাণ্ড সন্দৰ্ভত মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। মূল অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ লগে লগে ভূৰাগাঁৱৰ বালিডোঙাত উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী অহাৰ ২৪ ঘণ্টাৰ ভিতৰতে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। নিশা মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পটটোক। হত্যাকাৰীটোৰ নাম ছৈয়দ আলী(৬৫)।
উল্লেখ্য বিগত ২০ জুনত ৯বছৰীয়া এগৰাকী কণমানিক ধৰ্ষণৰ পিছতে নিৰ্মমভাৱে হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ গৈছিল। ইপিনে অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ লগে লগে ভূৰাগাঁৱৰ বালিডোঙাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।
শ শ পুৰুষ মহিলা ওলাই আহে শিশু ধৰ্ষণ হত্যাকাৰীৰ ফাঁচিৰ দাবীত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে অৰ্ধ-সামৰিক বাহিনী মোতায়ন কৰিছে।
Photo & Input : ছাদ্দাম হুছেইন
Discussion about this post