ৰঙিয়াত (Rangia) নিশা এনকাউণ্টাৰ (Encounter Case)। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত (Dacoit Injured) দুৰ্ধৰ্ষ ডকাইত ছৰিফুল হক ওৰফে টিকলা। ডকাইতটোৰ পৰা উদ্ধাৰ এটা পিষ্টল (Pistol Recover)। টিকলাৰ বিৰুদ্ধে ডকাইতি-অপহৰণৰ কেইবাটাও গোচৰ আছে।
বৃহস্পতিবাৰে টিকলাক আন এজন সহযোগীৰ সৈতে আটক কৰিছিল। তদন্তৰ বাবে নিশা আৰক্ষীয়ে খৈৰাবাৰীলৈ লৈ গৈছিল টিকলাক। আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ লওঁতেই টিকলাক ভৰিত গুলীয়াই (Poice Firing) আৰক্ষীয়ে। সোঁভৰিত গুলী লগা টিকলাক জিএমচিত ভৰ্তি কৰোৱা হৈছে।
টিকলাৰ ঘৰ ৰঙিয়াৰ পীতাম্বৰ হাট বজালীত। যোৱা ১৪ ফেব্ৰুৱাৰীত টিকলাই বাইকেৰে গৈ এগৰাকী মহিলাৰ পৰা বেগ কাঢ়ি নিছিল। এই দৃশ্য বন্দী হৈছিল চিচিটিভিত। টিকলাই ডকাইতিত ব্যৱহাৰ কৰা AS-01ET-7114 নম্বৰৰ পালছাৰ বাইকখনো উদ্ধাৰ।
Photo & Input: চফিকুল আহমেদ
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-sukhoi-fighter-jet-pilot-died/6910/
Discussion about this post