১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬oo টকা উদ্ধাৰ কৰে ৰেল’ৱে আৰক্ষীয়ে (Railway Police Seized Money)। গুৱাহাটীৰ পল্টনবজাৰ ৰেল’ৱে ষ্টেচনত (Guwahati Paltanbazar Railway Station) জব্দ এই বৃহৎ পৰিমাণৰ টকাখিনি।
লগতে আৰক্ষীয়ে (Guwahati Police) আটক কৰে ৩জন লোককো (3 Person Arrest)। ধৃত লোক তিনিজন উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা, ৫২ বছৰীয়া উত্তৰ প্ৰদেশৰ উমেশ চান্দ শৰ্মা আৰু নতুন দিল্লীৰ পৱন কুমাৰ। এই তিনিজন যুৱকে তিনিটা বেগত লৈ আনিছিল টকাখিনি।
টকাখিনি সোমবাৰে অৰুণাচলৰ পৰা অভিষেক শৰ্মা নামৰ লোকজনে লৈ আনিছিল বুলি জানিব পৰা গৈছে। বাকি দুজন লোকে পূৰ্বৰে পৰা পল্টন বজাৰৰ আশে-পাশে থকা হোটেলত বাস কৰি আছিল। টকাখিনি কিয় কাক দিবলৈ ক’ৰ পৰা কেনেদৰে আনিছিল প্ৰকৃত তথ্য জানিব পৰা হোৱা নাই।
আৰক্ষীৰ আগত মুখ খোলা নাই আটক কৰা লোককেইজনে। তিনিওজনৰ বিৰুদ্ধে GRP 20/2022 IPC 120B/417/420/379/34 নম্বৰত ৰুজু হৈছে গোচৰ। আদালতত হাজিৰ কৰোৱা হ’ব তিনিওজন লোককে। টকা গণনা কৰা মেচিন আনি টকাখিনি গণনা কৰি শেষ কৰিলে GRP-এ।
Photo & Input: Ramesh baishya
Discussion about this post