ভেলেণ্টাইন ডে’ৰ (Valentine Day) দিনাই দুখন সংসাৰত লাগিল জুই। দক্ষিণ শালমাৰাত (South Salmara) পৰকীয়া প্ৰেমত (Extra Marital Affairs) পৰি দুই সন্তানৰ মাতৃক পলুৱাই লৈ গ’ল বন্দীহানাৰ জিয়াউৰ ৰহমান নামৰ এজন প্ৰেমিকে। প্ৰেমিক জিয়াউৰ ৰহমানৰ এগৰাকী পত্নীও আছে বুলি জানিব পৰা গৈছে। কণ কণ দুটি সন্তানৰ এৰি থৈ প্ৰেমিকৰ হাত ধৰি পলাই গ’ল দুই সন্তানৰ মাতৃয়ে ৷
শালমাৰা (Salmara) গাঁৱৰ হাছেম আলীৰ পত্নী জেছমিনা খাতুনে স্বামীগৃহৰ পৰা বান্দিহনাৰ গাঁৱৰে জিয়াউৰ ৰহমানৰ লগত পলুৱাই যোৱা বুলি আজি হাছেম আলীয়ে বন্দিহানা আৰক্ষী চকীত এখনকৈ এজাহাৰ দাখিল কৰিছে ৷
অভিযোগ অনুসৰি জেচমিনা খাতুনে এটা বছৰে জিয়াউৰ ৰহমান নামৰ লোকজনৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হৈ আছিল ৷ সোমবাৰে জেছ মিনা খাতুনে নগদ ৫০০০০ হাজাৰ টকা Atm Card, Pass Book আৰু সোণ-ৰূপৰ গহনা লৈ কণ কণ দুটি ল’ৰা সন্তানক এৰি থৈ প্ৰেমিকৰ লগত পলুৱাই যোৱা বুলি জেছমিনাৰ খাতুনৰ স্বামীয়ে অভিযোগ উত্থাপন কৰিছে ৷
Photo & Input: সামিম জাকাৰিয়া
Discussion about this post