অভয়াপুৰীৰ (Abhayapuri) চৌতাকীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Shocked Road Accident) সংঘটিত হয়। দেওহাটীৰ পৰা যোগীঘোপা অভিমুখে গৈ থকা AS 17B 2765 নম্বৰৰ ট্ৰাক আৰু দেওহাটী দিশলৈ গৈ থকা AS 19N 6113 নম্বৰৰ বাইকৰ মুখামুখি সংঘৰ্ষ।
সংঘৰ্ষৰ ফলত দুয়োখন বাহনে ৰাজপথত জ্বলি উঠে। জীৱন্তে জ্বলি নিহত হয় বাইক আৰোহী (Bike Rider Burning)। বাইক আৰোহী গৰাকী নয়াগাঁৱৰ ৰঘুনাথ বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ২ খনকৈ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
Photo & Input: সৌৰভ জ্যোতি দাস
Discussion about this post