বাক্সাত (Baksa) গাখীৰ খোৱা (Milk Feeding) বান্দৰক লৈ চাঞ্চল্য। ভিডিঅ’ ভাইৰেল (Viral Video) হৈ পৰিছে ছচিয়েল মিডিয়াত। বাক্সা জিলাৰ গোৰেশ্বৰত (Goreswar) এতিয়া এটা কুকুৰ আৰু বান্দৰ জনসাধাৰণৰ বাবে পৰম কৌতুহলৰ বিষয়বস্তু হৈ পৰিছে। গোৰেশ্বৰৰ ৰাইজে এই দৃশ্য চাবলৈ ভিৰ কৰে ৰাজপথ।
Viral Video-
এটা বান্দৰৰ পোৱালিয়ে গোৰেশ্বৰত কুকুৰৰ (Monkey And Dog Viral Video) গাখীৰ পান কৰি জীয়াই থকাৰ বাবে কৰা সংগ্ৰাম এতিয়া সকলোকে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। কুকুৰটোৱে কণমানি বান্দৰৰ পোৱালিটো নিজৰ পিঠিত তুলি লৈ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰে। যিটো সময়ত মানুহে মানুহৰ মাজত খোৱা-কামোৰা, সেই সময়তে প্ৰকৃতিৰ সূত্ৰ মানি জীৱনধাৰণ কৰি থকা জীৱ-জন্তুৰ ভিন্ন প্ৰজাতিৰ প্ৰতি মৰমে পুনৰবাৰ মানৱ হিচাপে নিজকে আইনাত চোৱাৰ সময় যে এতিয়া সমাগত সেই কথা সোঁৱৰাই দিছে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/baby-screamed-when-he-see-her-own-shadow/6338/
Discussion about this post