লখিমপুৰত (Lakhimpur) মহিলাৰ পেটৰ পৰা ওলাল প্ৰায় তিনি লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ (Drugs)। এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী (Drugs Pedler) মহিলাৰ পেটিকোটৰ তলৰ পৰা ওলাল চাবোনৰ বাকচত ড্ৰাগছ। বান্দৰদেৱা আৰক্ষী আৰু পথালিপাহাৰ স্থানীয় ৰাইজৰ হাতত ধৰা পৰিল ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা এগৰাকী মহিলা আৰু এজন পুৰুষ।
লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্ত বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত পথালি পাহাৰত ড্ৰাগছ সৰবৰাহকাৰী কৰিবলৈ অহা বান্দৰদেৱাৰ ২নং পাৰ্বতিপুৰৰ উষালতা দলে আৰু বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বদতিৰ বনমালি কুটুমৰ পৰা ২৫.৫০ গ্ৰাম হেৰ’ইনসহ দুটা ম’বাইল ফোন আৰু AS 07D 6544 নম্বৰৰ অল্ট’বাহন জব্দ কৰিবলৈ সক্ষম হয়।
বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলা এই ড্ৰাগছ বিৰোধী অভিযানত এনেদৰেই উষালতা দলে নামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকীৰ পেটৰ পৰা উদ্ধাৰ কৰে সন্দেহজনক নিষিদ্ধ হেৰ’ইন সমূহ যাৰ বজাৰৰ মুল্য প্ৰায় তিনি লক্ষাধিক টকা।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post