নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত (Nagaon District Transport Office) আৰক্ষীয়ে (Nagaon Police) আজি অভিযান চলাই উৎকোচ (Taking Bribe Case) লোৱাৰ অভিযোগত এম ভি আই (MVI) হেমেন দাসসহ তেওঁৰ দুই সহযোগী কৰ্মচাৰীক গ্ৰেপ্তাৰ (Arrest) কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সহযোগীকেইজন হ’ল প্ৰণৱ মহন্ত আৰু বলৱন্ত কৌৰ নামৰ এগৰাকী মহিলা কৰ্মচাৰী। ইয়াৰে বলৱন্ত কৌৰ ঠিকা ভিত্তিক কৰ্মচাৰী আৰু প্ৰণৱ মহন্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
বাহনৰ যোগ্যতাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে ৩৫০০০ টকাৰ উৎকোচ লোৱাৰ অভিযোগ তিনিওজনৰ বিৰুদ্ধে উত্থাপিত হৈছিল। এক নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ (Anand Mishra) নেতৃত্বত যোৱা অভিযানকাৰী দলে বিভিন্ন দুৰ্নীতি অনিয়মৰে সদা বিতৰ্কিত থকা এম ভি আইসহ দুই কৰ্মচাৰীক হাতে লোটে গ্ৰেপ্তাৰ কৰে।
ধৃত এম ভি আইৰ পৰা আৰক্ষীয়ে প্ৰায় ৬ লাখ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য বিগত সময়চোৱাত এম ভি আই হেমেন দাসৰ নেতৃত্বত চলিছিল অবাধ লুণ্ঠন। গুৰু গোসাঁই নমনা আছিল হেমেন দাস। আনকি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই বিগত সময়চোৱাত তেওঁক সতৰ্ক কৰি দিছিল।
তদুপৰি শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত হোমেন দাসৰ দুৰ্নীতিৰ তথ্য ফাদিল হোৱাৰ পাছত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই সোঁ-শৰীৰে নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিতৰ্কিত বিষয়া গৰাকীক উদ্দেশ্য কৰি সতৰ্কবাণী শুনাইছিল। ইয়াৰ পাছতো এই বিষয়া গৰাকীয়ে কেৰেপ নকৰি অবাধ উৎকোচৰ বেহা চলাই আহিছিল। অৱশেষত আজি তেওঁ ৰঙাঘৰৰ আলহী হ’ব লগা অৱস্থা হ’ল।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post