পাৰ্টীত সুৰাপান কৰি ঘৰলৈ আহিবলৈ বিপদ হোৱা লোকৰ বাবে দুটা নম্বৰ মুকলি। দুটা নম্বৰত ফোন কৰিলে আৰক্ষীয়ে বাহনেৰে আপোনাক থৈ আহিব ঘৰত। পাৰ্টী কৰি বিপদত পৰা লোকৰ বাবে দুটাকৈ হেল্পলাইন নম্বৰ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত (31st And 1 January) দুৰ্ঘটনা সংঘটিত হৈ কোনো লোকে যাতে প্ৰাণ হেৰুৱাব নালাগে তাৰ বাবে তৎপৰ হৈ পৰিছে বিশ্বনাথ আৰক্ষী (Biswanath Police) ৷ বছৰৰ শেষ নিশাটোৰ বাবে বিশ্বনাথ আৰক্ষীয়ে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।
নিশা পাৰ্টী কৰি বিপদত পৰা সকলক সহায় কৰিব বিশ্বনাথ আৰক্ষীয়ে (Biswanath Police) ৷ সুৰাপান কৰাৰ বাবে ঘৰলৈ ঘূৰি আহিবলৈ অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ অসুবিধা হোৱাসকলৰ বাবে জিলা প্ৰশাসনৰ সহযোগত আৰক্ষীয়ে গাড়ীৰ ব্যৱস্থা কৰিছে ৷ সুৰাপানৰ বাবে বিপদত পৰা সকলক প্ৰশাসনৰ গাড়ীৰে ঘৰত থৈ অহাৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ বাবে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। বিশ্বনাথ আৰক্ষীয়ে মুকলি কৰা 9954758961 আৰু 9854684760 হেল্পলাইন নম্বৰত (Helpline Number) ফোন কৰিলেই সহায়ৰ বাবে উপস্থিত হ’ব আৰক্ষী।
৩১ ডিচেম্বৰৰ নিশা বিশ্বনাথ জিলাৰ সকলো আৰক্ষী থানাত সুৰাপানৰ বাবে বিপদত পৰাসকলক সহায়ৰ বাবে মজুত থাকিব গাড়ী। বিশ্বনাথ চাৰিআলি থানাত ৩খন, গহপুৰ থানাত ২খন, চতিয়া থানাত ২খন, জিনজিয়া থানাত এখন, হেলেম থানাত এখন আৰু বিহালী থানাত এখনকৈ গাড়ী ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷
Photo: Google
Discussion about this post