হাজোৰ (Hajo) এখন বিবাহস্থলী পৰিণত হ’ল কুৰুক্ষেত্ৰলৈ। হাজোৰ দ বৰ্ণিৰ এখন বিবাহস্থলীত তীব্ৰ মাৰপিটৰ (Clash) ঘটনা। সম্প্ৰতি হাতীগাঁও (Hatigaon) নিবাসী দৰা আশ্ৰফ আলী খান হাজো আৰক্ষীৰ (Hajo Police) জিম্মাত।
প্ৰথমা পত্নীক আইনগতভাৱে তালাক (Divorce) নোহোৱাকৈ দ্বিতীয় বিবাহক (Second marriage) কেন্দ্ৰ কৰি এই উত্তেজনা। সুদুৰ জাৰ্মানীৰ পৰা হোৱাটছএপযোগে প্ৰথমা পত্নী বৰপেটাৰ ছামিমা আখতাৰৰ পৰা তালাক বিচাৰিছিল অভিযুক্ত আশ্ৰফ আলী খান নামৰ যুৱকজনে।
ইতিমধ্যে অভিযুক্ত আশ্ৰফ আলী খান আৰু প্ৰথমা পত্নী চামিমা আখতাৰ নামৰ যুৱতী গৰাকীৰ তালাক সম্বন্ধে এক মোকৰ্দমা চলি আছে গুৱাহাটীৰ ফেমিলী কৰ্টত। কিন্তু গোচৰৰ কোনোধৰণৰ ৰায় নোহোৱাকৈয়ে অভিযুক্ত আশ্ৰফ আলী খানে দক্ষিণ বৰ্ণিৰ আন এগৰাকী যুৱতীক বিবাহ কৰাবলৈ যায়।
বিবাহৰ খবৰ পাই প্ৰথমা পত্নী পৰিয়ালসহ বিবাহস্থলীত উপস্থিত হৈ দৰাক জবাবদিহি কৰাত দৰাৰ পৰিয়ালে চামিমা আখতাৰৰ লগতে পৰিয়ালৰ আন আন সদস্য সকলকো মাৰধৰ কৰে।
ফলত বিবাহস্থলীত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে লগে লগে হাজো আৰক্ষী থানাৰ বিষয়া এম্ৰাৱেল দৈমাৰীসহ আৰক্ষীৰ এটা দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অভিযুক্ত আশ্ৰফ আলী খানক অধিক সোধা-পোছৰ বাবে থানালৈ লৈ আনে।
Photo & Input: বিকি মেধি
Discussion about this post