Health Care Tips: স্বাস্থ্যৱান (Healthy) হৈ থাকিবলৈ ৰাতিপুৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। সেয়া যোগ-ধ্যান, ব্যায়াম কৰাই হওক বা স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰ খোৱাই হওক। কিন্তু এই মুহূৰ্তত কৰা ভুলবোৰে আপোনালক অস্বাস্থ্যকৰ কৰি তুলিব পাৰে। যেনে- খালী পেটত ভুল বস্তু খোৱা বা স্বাস্থ্যৰ ক্ষতি কৰা কিবা কাম কৰা যিয়ে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। আজি, আপোনালোকক সেই কিছুমান বস্তুৰ বিষয়ে জনাম যিবোৰ খালী পেটত (Empty Stomach) খালে ক্ষতি কৰিব পাৰে। গতিকে ৰাতিপুৱা এইসমূহ বস্তু খোৱা পৰিহাৰ কৰা ভাল। আনহাতে দিনটোৰ আন কোনো সময়ত সেইবোৰ খোৱাটো অতি উপকাৰী।
খালী পেটত (Empty Stomach) এই বস্তুবোৰ নাখাব
টেঙাজাতীয় ফল (Citrus Fruits): কমলা, মৌচুমীৰ দৰে ফলবোৰ প্ৰায় সকলোৱে খাবলৈ পৰামৰ্শ দিয়ে কিয়নো সেইবোৰত যথেষ্ট ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে। সাধাৰণতে এইবোৰ ফল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী কিন্তু এইবোৰ খালী পেটত খালে সমস্যা হ’ব পাৰে।
মিঠা আলু (Sweet Potato): মিঠা আলু খোৱাৰ যথেষ্ট লাভালাভ আছে। কিন্তু ইয়াত থকা টেনিন আৰু পেক্টিনেৰ খালী পেটত গৈ গেষ্ট্ৰিকৰ সমস্যা সৃষ্টি কৰিব পাৰে।
ৰাতিপুৱা ইয়াক খোৱাৰ ফলত পেটৰ বিষ আৰু বুকু জ্বলা-পোৰাৰ কাৰণ হ’ব পাৰে।
কল (Banana): কলক সম্পূৰ্ণ খাদ্য হিচাপে গণ্য কৰা হয়। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ কল খোৱাৰ বহুতো লাভালাভ আছে কিন্তু খালী পেটত কল খোৱাৰ ফলত শৰীৰত মেগনেছিয়ামৰ পৰিমাণ বৃদ্ধি হয়। ইয়াৰ ফলত পেটৰ সমস্যা হয়।
চডা (Soda): চডাত যথেষ্ট পৰিমাণৰ কাৰ্বনেট এচিড থাকে। খালী পেটত চডা সেৱন কৰিলে পেটৰ বিষ হ’ব পাৰে। ইয়াৰোপৰি আপোনাৰ মুৰ গধুৰ কৰি তুলিব পাৰে।
বিলাহী (Tomato): চালাড আৰু পাচলি দুয়োটা হিচাপে বিলাহী খোৱাটো অতি উপকাৰী। কিন্তু খালী পেটত বিলাহী খালে এচিডিটি হ’ব পাৰে।
মচলাযুক্ত বস্তু (Spicy Things): সাধাৰণতে সদায় মচলাযুক্ত আৰু উচ্চ তৈলাক্ত খাদ্য খোৱা পৰিহাৰ কৰিব লাগে। কিন্তু আপুনি কেতিয়াও খালী পেটত এনে খাদ্য খোৱা উচিত নহয়। ইয়াৰ ফলত পেটৰ জ্বলা-পোৰা, গেছ, বদহজম হ’ব পাৰে।
Photo: google
Discussion about this post