হাজোৰ (Hajo) গর্জন বিলত দুৰ্বৃত্তই ঢালিলে বিহ (Poison)। কুইণ্টলে কুইণ্টলে উপঙি উঠিছে প্ৰকাণ্ড প্ৰকাণ্ড মাছ (Fish)। অসমৰ গৌৰৱ গর্জন বিলৰ মেৰজানত অচিনাক্ত দুৰ্বৃত্তই (Miscreants) চলাইছে এই তাণ্ডৱ।
হাজোৰ কঞা ৰাজহ চক্ৰৰ মাজৰে বৈ যোৱা নৈখনত মৃত্যু (Death) হৈ ওপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ। কোনো লোকে বিলৰ মাজ ভাগত বিহ ঢলাৰ ফলত গর্জন বিল খনৰ মাজৰে বৈ যোৱা নৈ খনত ওপঙি উঠিছে কেইবা কুইণ্টল মাছ।
চৰকাৰৰ পৰা বৃহৎ ধনৰ বিনিময়ত লিজত হৈছিল মহলদাৰে। মহলদাৰৰ লগত ব্যক্তিগত শত্ৰুতা থকাৰ বাবে দুৰ্বৃত্তই বিলত বিহ দিয়াৰ অভিযোগ উঠিছে।
Photo & Input: বিকি মেধি
Discussion about this post