ৰঙিয়াৰ (Rangia) ভট্টপাৰাত জঘন্য ঘটনা সংঘটিত হৈছে। SSBৰ বিষয়াই ধৰ্ষণৰ (Rape) অপচেষ্টা চলালে এগৰাকী মহিলাক। আতংকিত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত গোট খালে স্থানীয় লোক।
হাতে-লোটে কৰায়ত্ত হ’ল এছ এছ বিৰ বিষয়া মনোজ ভাণ্ডাৰী। অভিযোগ অনুসৰি এছ এছ বিৰ বিষয়া মনোজ ভাণ্ডাৰীয়ে মহিলাগৰাকী স্বামীক সুৰাৰ প্ৰলোভন দি সুৰা ক্ৰয় কৰি আনিবলৈ পঠিয়াই। তাৰ পিছতে ঘৰত কোনো নথকাৰ সুযোগ বুজি দুষ্কাৰ্য চৰিতাৰ্থ পূৰণ কৰাৰ উদ্দেশ্যে মহিলাগৰাকীৰ ওপৰত জপিয়াই পৰিল এছ এছ বিৰ বিষয়া ৰূপী নৰপিশাচ মনোজ ভাণ্ডাৰী।
অৱশ্যে মহিলাৰ চিঞৰ-বাখৰ শুনি ৰাইজৰ সঠিক সময়ৰ উপস্থিতিত লম্পটক হাতে-লোটে আটক (Detain) কৰে। পিছত ৰঙিয়া আৰক্ষীক (Rangia Police) চমজাই দিয়ে মানৱৰূপী দানৱ মনোজ ভাণ্ডাৰীক। সীমা সুৰক্ষা বলৰ এগৰাকী বিষয়াৰ এনে কু-কাণ্ডক ৰঙিয়াৰ ৰাইজে একেমুখে গৰিহণা দিছে । লগতে দোষীক উপযুক্ত শাস্তি বিহীবলৈ দাবী জনাইছে ।
Photo & Input: চফিকুল আহমেদ
Discussion about this post