লোকসভাত (Loksabha) ব্যক্তিগত সদস্য বিল(Private Member Bill) উত্থাপন সাংসদ (MP) গৰাকীৰ। শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ (North East) বাবে লোকসভাত পৃথক সময়-সূচীৰ দাবী উত্থাপন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bordoloi)।
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা বিভিন্ন সময়ত উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে অঞ্চলটোৰ বাবে পৃথক সময়সূচী বলৱতৰ বাবে দাবী জনাই আহিছিল। সাংসদগৰাকীয়ে সদনত কালি ব্যক্তিগত সদস্য বিলৰ উত্থাপনৰ জৰিয়তে অঞ্চলটোৰ বাবে পৃথক টাইম জ’ন প্ৰদানৰ দাবী জনোৱা পৰিলক্ষিত হয়।
Covering page of my Dual Time Zone Private Member Bill admitted in the Lok Sabha today pic.twitter.com/8gVChQiG7V
— Pradyut Bordoloi (@pradyutbordoloi) December 3, 2021
সোনকালে সূৰ্যৰ উদয় হোৱা অঞ্চলটোত ভাৰতীয় সময়-সূচী মিলোৱাৰ স্বাৰ্থত প্ৰতি দিনে ২ ঘণ্টাকৈ উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে সময় অপব্যয় কৰে বুলি তেওঁ এক টুইটযোগে উল্লেখ কৰে।
সেয়েহে সাংসদগৰাকীয়ে ব্যৱহাৰিক আৰু সামূহিক প্ৰশাসনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি পৃথক সময়-সূচীৰ বলৱৎকৰণৰ পোষকতা কৰে।
Photo: Google
Discussion about this post