মঙলবাৰে নিশা মহানগৰীৰ (Guwahati) সৰুসজাইত (Sarusajai) এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ (Road Accident) ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এগৰাকী মহিলা থিতাতে নিহত (Death) হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়।
শিহৰণকাৰী দুৰ্ঘটনাটোত মৃত্যু (Death) হোৱা মহিলাগৰাকী নুনমাটিৰ ৰুনু দাস বুলি চিনাক্ত কৰিছে প্ৰশাসনে।
খানাপাৰাৰ পৰা একে দিশেৰে লখৰা অভিমুখে আহি থকা এ এছ ০২ এ চি ৭৬৬২ নম্বৰৰ এখন ট্ৰাকে এ এছ ০১ ই ডব্লিউ ৬৮১৩ নম্বৰৰ এখন বাইকক মহতিয়াই নিয়ে।
সৰুসজাইত দুৰ্ঘটনাত (Sarusajai Stadium) পতিত হোৱা বাইকখন উদ্ধাৰ হয় ট্ৰাকসহ প্ৰায় এক কিলোমিটাৰ দূৰৈৰ লখৰাত। আৰু তাতেই বাইকখন ট্ৰাকৰ তলতে উদ্ধাৰ হয়।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ মুণ্ড ছিন্ন অৱস্থাত পৰি ৰৈছিল ৰাষ্ট্ৰীয় ঘাইপথত।
আনহাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক ৰফিকুল ইছলামক আটক কৰিছে গড়চুক আৰক্ষীয়ে।
Photo: Google
Discussion about this post