মহানগৰীত (Guwahati) নৃশংস হত্যাকাণ্ডৰ (Murder Case) ঘটনা সংঘটিত হয়। দেওবাৰে নিশা বামুণীমৈদামত (Bamunimaidam) সংঘটিত হৈছে এই হত্যাকাণ্ড (Murder)। শোৱাপাটীতে ককায়েকক হত্যা কৰিলে কনিষ্ঠ ভাতৃয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত উপস্থিত হয় চানমাৰী আৰক্ষী (Chandmari Police)।
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি দুই ভাতৃয়ে একেটা কোঠাতে শুৱে । কিবা কথাত কাজিয়া লাগিছিল দুয়ো জনৰ মাজত। যাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
দুয়ো ভাতৃ ড্ৰাগছ (Drugs Addict) আসক্ত আছিল। জিন্তু দাস নামৰ সৰু ভায়েকে ককায়েক কমল দাসক হত্যা কৰে। হত্যাকাৰী ভায়েক নিচাসক্ত আছিল। হত্যাকাৰী বৰ্তমান পলাতক। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Photo: Khatang Khobor
Discussion about this post