নতুন শিক্ষা ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱাৰ এদিন পিছতে মৰিগাঁৱত সংঘটিত হ’ল শিক্ষা বিভাগৰ চৰম গাফিলতিৰ কাণ্ড। মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীৰ নহয় প্ৰশ্নকাকত ফাদিল হ’ল নৱম আৰু দশম শ্ৰেণীৰ।
মৰিগাঁৱত (Morigaon) পৰীক্ষাৰ পূৰ্বে মোবাইলে মোবাইলে নৱম আৰু দশম শ্ৰেণী প্ৰশ্ন কাকত ফাদিল। প্ৰশ্ন কাকত ফাদিল হোৱাৰ লগে লগে বাতিল কৰিবলগীয়া হ’ল পৰীক্ষা (Exam)। পৰীক্ষা দিবলৈ আহি লাহৰীঘাট (Laharighat), মৈৰাবাৰীত (Moirabari) ছাত্র-ছাত্রী উভতি যাবলগীয়া হ’ল। প্ৰশ্ন কাকত ফাদিলৰ কথা ছাত্ৰ-ছাত্ৰীৰ মাজত বিয়পি পৰাৰ লগে লগে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় মৰিগাঁৱত।
ৰাজ্যৰ শিক্ষা বিভাগৰ চৰম গাফিলতিৰ বাবে অস্বস্তিত পৰিছে পৰীক্ষাৰ্থীসকল। জানিব পৰা মতে আজি নৱম-দশম শ্ৰেণীৰ সমাজবিজ্ঞানৰ পৰীক্ষা আছিল। পৰীক্ষাৰ পূৰ্বে আজি ফাদিল হোৱা প্ৰশ্নকাকতক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ মৰিগাঁও (Morigaon) জিলাত।
সম্প্ৰতি জিলা শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে পৰীক্ষা বাতিল কৰিছে। মৰিগাঁও (Morigaon) জিলাত এনেদৰে প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডই পৰীক্ষাৰ্থীসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে এক অশুভ সংকেত।
Photo & Input: ইকবাল হুছেইন
Discussion about this post