তিনিচুকীয়াৰ আৰক্ষীৰ (Tinsukia Police) বৃহৎ সাফল্য। ড্ৰাগছ ব্যৱসায়ীৰ (Drug Peddler) বাহনলৈ আৰক্ষীৰ গুলীচালনা (Firing)। গুলীবিদ্ধ দুজন ড্ৰাগছ ব্যৱসায়ী। AS-03-Z-7172 নম্বৰৰ নেক্সচন বাহন এখনত ডিমাপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ ৰ’ইং লৈ বুলি বুজন পৰিমাণৰ ড্ৰাগছ লৈ গৈছিল।
ড্ৰাগছ কঢ়িয়াই অনা বাহনসহ ড্ৰাগছ ব্যৱসায়ী ঘটনাস্থলী পৰা পলায়ন কৰিব লওঁতে আৰক্ষীয়ে বাহনখনলৈ লক্ষ্য কৰি গুলীচালনা (Firing) কৰে।
বিশেষ সূত্ৰ পম খেদি তিনিচুকীয়াৰ সদৰ থানাৰ (Tinsukia Police) TSI লখি প্ৰকাশ দলেৰ নেতৃত্বৰ এটা দলে অভিযান চলাই তিনিচুকীয়া বাইপাছত ড্ৰাগছ ব্যৱসায়ী (Drug Peddler) দুজনক আটক কৰিবলৈ সক্ষম হয়।
গুলীবিদ্ধ লোক দুজন নাগালেণ্ডৰ অপেন নুলী আৰু অমৰ দাস বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনক লক্ষ্য কৰি ৭ ৰাউণ্ড গুলী চলোৱাত গুৰুতৰভাৱে আহত (Injured) হয় দুয়োজন।
বৰ্তমান গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী দুজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
Photo & Input: Santos
Discussion about this post