তিনিচুকীয়াত (Tinsukia) ‘গো’ মাংস বিক্ৰী (Cow Meat) কৰাৰ সময়তে হাতে-লোটে পৰিল ধৰা। এটা ইটাভাটাৰ আঁৰত কৰা হৈছিল ‘গো’ মাংস বিক্ৰী।
তিনিচুকীয়া (Tinsukia) জিলাৰ মহাকালি চাহ-বাগিচাত এটা খবৰৰ ভিত্তিত স্থানীয় এদল যুৱকে এটা ইটাভাটাৰ চাৰিসীমাৰ ভিতৰৰ পৰা গৰু কাটি বিক্ৰী কৰিবলৈ যো-যা চলাই থাকোতে আটক (Detain) কৰে দুই যুৱকক।
আটক কৰা যুৱক দুজনৰ নাম ক্ৰমে ৰমেচ ওৰাং আৰু সুখলাল হুজুৰ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত ইটাভাটাৰ স্বত্ত্বাধিকাৰী জনৰ নাম জনৈক পাৰিক। আটকাধীন যুৱক দুইজনৰ ভিতৰত ৰমেচ ওৰাং উক্ত ইটাভাটাটোৰ শ্ৰমিক।
ৰাইজৰ ভাষ্য অনুসৰি ইয়াৰ পূৰ্বে ও বহুবাৰ উক্ত ইটাভাটাটোত গৰু কাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ সন্দৰ্ভত ইটাভাৰ স্বত্ত্বাধিকাৰ জনৈক পাৰিক নামৰ ব্যাৱসায়ীজন অৱগত যদিও এই ক্ষেত্ৰত চকু মুদা কুলি হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।
‘গো’ মাংস বিক্ৰী কৰা কাৰ্যত আৰু বহু মানুহ জড়িত আছে বুলি, স্থানীয় ৰাইজে অভিযোগ তোলে। আটকাধীন যুৱক দুজনক বৰ্তমানে বৰডুবিৰ আৰক্ষী জিম্মাত ৰাখি, গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।
Photo & Input: সন্তোষ ফুকন
Discussion about this post