টেট পৰীক্ষাত (Tet Exam) অৱতীৰ্ণ একাংশ প্ৰাৰ্থীৰ মোবাইলৰ হোৱাটছএপে হোৱাটছএপে অচিনাকী নম্বৰৰ পৰা হোৱাটছএপত মেছেজ পঠিয়াই ধনৰ বিনিময়ত পৰীক্ষা উৰ্ত্তীণ কৰি দিয়াৰ প্ৰলোভন দুষ্ট চক্ৰৰ।
৩১ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাত (Tet Exam) অৱতীৰ্ণ দৰঙৰ একাংশ প্ৰাৰ্থীৰ মোবাইলত এই দুষ্ট চক্ৰটোৱে প্ৰেৰণ কৰিছে এক বিশেষ লিংক লগতে পৰীক্ষাৰ নম্বৰ অধিক কৰি দিয়াৰ প্ৰলোভন ৷ বিনিময়ত চক্ৰটোক আদায় দিব লাগিব নগদ ধন ৷ ঘটনা সন্দৰ্ভত চিন্তিত হৈ পৰিছে টেট অৱতীৰ্ণ প্ৰাৰ্থী সকল ৷
ইপিনে দুষ্ট চক্ৰটোৰ হাতত কেনেকৈ আহি পালে প্ৰাৰ্থী সমূহৰ মোবাইল নম্বৰ। ইয়াকে লৈও বিভাগীয় কোনো লোকৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/kampur-tragic-road-accident-one-girl-died-in-assam/4509/
Discussion about this post