Viral Video: ছচিয়েল মিডিয়াত (Social Media) বহুতো ভিডিঅ’ আছে যিসমূহ ভিডিঅ’ দেখি আপুনিও ভাবিবলৈ বাধ্য হ’ব যে আচলতে মানুহে এনেকুৱা ধৰণৰ ধেমালি কিয় কৰে। হয়, হাঁহি-ফূৰ্তিৰ বাবে কিছুমান লোকে এনেকুৱা প্ৰেংক কৰে যে যাৰ ফলত মানুহৰ জীৱনো বিপদত পৰিব পাৰে। ইণ্টাৰনেটত এটা ভিডিঅ’ যথেষ্ট ভাইৰেল (Viral Video) হ’বলৈ ধৰিছে, য’ত এজন মালিকে তেওঁৰ কুকুৰটোক এনেকুৱা এটা ভয়ংকৰ ৰূপ দিছে যিটো মানুহক ভয় খুৱাবলৈ যথেষ্ট। কুকুৰটোক এনেকুৱা পোছাক পিন্ধোৱা হৈছিল যিটো ডাঙৰ মকৰাৰ নিচিনা দেখাত লাগিছিল।
চাওক VIDEO-
পোহনীয়া কুকুৰে পিন্ধিলে অদ্ভুত পোছাক
ছচিয়েল মিডিয়াত (Social Media) ভাইৰেল হৈ পৰা ভিডিঅ’টোত এজন লোকে তেওঁৰ পোহনীয়া কুকুৰটোক এক অদ্ভুত পোছাক পিন্ধাইছিল, যাৰ ফলত কুকুৰটোক এটা ভয়ংকৰ মকৰা যেন দেখা গৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল কুকুৰটোৰ ৰঙো ক’লা, যি ইয়াৰ পোছাকৰ সৈতে খাপ খাই গৈছিল। পিছত কুকুৰৰ গৰাকীয়ে কুকুৰটোক নিৰ্জন অঞ্চলত এৰি দিছিল। যেতিয়াই মানুহে কুকুৰটো দেখা পাই মানুহৰ ভয়ত অৱস্থা নোহোৱা হৈ গৈছিল আৰু তাৰ পিছত তেওঁলোকে দৌৰিবলৈ বাধ্য হৈ পৰিছিল।
কুকুৰটো দেখি চিঞৰি চিঞৰি দৌৰিবলৈ আৰম্ভ কৰিলে যুৱতীকেইগৰাকীয়ে
ফেচবুকত (Facebook) আপলোড কৰা ভিডিঅ’টোত কেইবাটাও ক্লিপ আছে। প্ৰথম ক্লিপটোত, এজন মানুহ থিয় হৈ আছে, তেতিয়া কুকুৰটো মকৰাৰ ৰূপ লৈ বাহিৰলৈ ওলাই আহে। যেতিয়া তেওঁ কুকুৰটোক দেখে, ভয় খাই আৰু পৰৱৰ্তী দিশত দৌৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী ক্লিপটোত, মকৰা পোছাক পিন্ধা কুকুৰটো তাৰ মালিকৰ সৈতে এটা লিফ্টত উপস্থিত থাকে। মালিকে মাটিত মৰি থকাৰ ভাও জুৰি থাকে আৰু তেতিয়াই দুগৰাকী যুৱতী তাত উপস্থিত হয়। কুকুৰটোক দেখি দুয়োগৰাকীয়ে যুৱতীয়ে চিঞৰি চিঞৰি পলাবলৈ আৰম্ভ কৰে। ভিডিঅ’টো দেখি হয়টো আপোনাৰ হাঁহি উঠিব পাৰে, কিন্তু এই ভিডিঅ’টোৱে কাৰোবাৰো উশাহ বন্ধ কৰিব পাৰে। এইটো ফেচবুকত Hilarious Tedয়ে শ্বেয়াৰ কৰিছে।
Photo: Zee News




























Discussion about this post