মনত আছেনে সেই মতিন মাষ্টৰৰ কথা; যাক ৰাইজে তলা মাৰি থৈছিল স্কুলৰ ভিতৰত। সেই মতিন মাষ্টৰে এইবাৰ পুনৰ চৰ্চাত আহিল।
নগাঁও (Nagaon) জিলাৰ বটদ্ৰৱা প্ৰাৰ্থমিক শিক্ষাখণ্ডৰ অন্তৰ্গত শলগুৰি ৰা-সূতি পাৰ প্ৰাথমিক বিদ্যালয় । আৰু এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক (Headmaster) এইজন নিৰ্লজ্জ, ধুৰন্ধৰ, তেজপিয়া, ক’ৰোনা ভাইৰাছতকৈয়ো মাৰাত্মক প্ৰধান শিক্ষক আব্দুল মতিন।
এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে যি বুলিয়েই কওক, যিমানেই কোৱা যাওক শেষ নহয় এইজন মহাপ্ৰভুৰ ইতিহাস। কাৰণ, আজি পাঁচটা বছৰে এই বিদ্যালয়খনত প্ৰধান শিক্ষকৰ দায়িত্বত থকা আব্দুল মতিনে বিদ্যালয় খনত ছাত্র-ছাত্ৰীৰ মধ্যাহ্ন ভোজন, ছাত্ৰ-ছাত্ৰীৰ চাউল-দাইল, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধন, ইউনিফৰ্ম পৰা আৰম্ভ কৰি বিদ্যালয়ৰ নামত থকা ভূমিও বেদখল কৰি প্ৰায় ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে এইজন মতিনে।
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/mid-day-meal-scam-by-head-master-at-dhing/1773/
বিগত চাৰিটা বছৰে পৰ্বত সম দুৰ্নীতি-কেলেংকাৰীৰে বাৰে বাৰে দখল কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনাম। বিদ্যালয় পৰিচালনা সমিতি, ৰাইজক কেৰেপ নকৰি নিজ ইচ্ছা মতে বিদ্যালয়ৰ প্ৰতিটো দিশৰ পৰাই দীৰ্ঘ দিনে চলাই আহিছে লাখ লাখ টকাৰ লুণ্ঠন। মতিনৰ বিৰুদ্ধে ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰি আহিছিল যদিও একাংশ বিষয়াৰে গোপন বুজাবুজিৰে মেনেজ হোৱাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। অকল এয়াই নহয়, বিদ্যালয়ৰ নামত থকা দুই বিঘা ভূমি এটা দুষ্ট চক্ৰৰ জড়িয়তে বেদখল কৰোৱাৰো গুৰুতৰ অভিযোগ ৰাইজৰ ।
অৱশেষত যোৱা ৯ আগষ্ট তাৰিখে ছাত্র-ছাত্ৰীৰ চাউল আত্মসাৎ কৰাৰ বাবে মতিন মাষ্টৰক ৰাইজে চোচৰাই নি বিদ্যালয়ত আবদ্ধ কৰি তলা লগাই ৰাখিছিল।
তাৰ পিছতেই এইজন মতিন মাষ্টৰে ৰাইজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি বিদ্যালয়ত পাঠদান কৰাবলৈ যায় আৰক্ষী বাহিনীৰ দল লগত লৈ। যি ঘটনা অসমৰ ইতিহাসত নজিৰবিহীন ঘটনা বুলি ব্যাক্ত কৰিছে ৰাইজে। অৱশেষত আজি স্থানীয় সহস্ৰাধিক ৰাইজে বিদ্যালয় প্ৰাংগনতেই মতিনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আজীৱনৰ বাবে মতিন মাষ্টৰক বিদ্যালয়ত প্ৰৱেশ বন্ধ কৰি সকিয়নী দি কয়, অনাগত দিনত মতিন মাষ্টৰ বিদ্যালয়ত প্ৰৱেশ কৰিলে ৰাইজে মতিনক কোবাই হাত-ভৰি ভাঙাৰ লগতে আৰু কি কি কৰে সেয়া ঠিক নাই বুলি সকিয়নী প্ৰদান কৰে ।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post