গুৱাহাটীৰ (Guwahati) বিভিন্ন স্থানত পোষ্টাৰ লগোৱা, থু পেলোৱা (Spitting) আদি লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লৈছে গুৱাহাটী পৌৰ নিগমে (GMC)। আজিৰে পৰা গুৱাহাটীত এনে কাম কৰা লোকৰ বিৰুদ্ধে পৌৰ নিগমে ৫ হাজাৰ টকা জৰিমনাৰ লগতে সেইসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলিও জানিবলৈ দিয়ে।
যদি কোনো লোকে থু পেলোৱা, প’ষ্টাৰ লগোৱা লোকৰ ফটো পৌৰ নিগমক (GMC) দিব পাৰে তেনেহ’লে সেই লোকজনক ১ হাজাৰ টকা প্ৰদান কৰিব।
আজিৰে পৰা গুৱাহাটীত (Guwahati) এই নিয়ম (Rule) প্ৰযোজ্য হৈছে। লগতে বৰ্তমান যি সমূহ স্থানত পোষ্টাৰ লগোৱা আছে সেই সমূহ আতঁৰাই নিবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিয়ে।
তদুপৰি পৌৰ নিগমে আজি চাৰিটা বিশেষ ফোন নম্বৰ মুকলি কৰিছে। এই ফোন নম্বৰৰ জৰিয়তে আপুনি য’তে ত’তে থু-পিক পেলোৱা লোকৰ ফটো তুলি নিগমক দিব পাৰিব আৰু ইয়াৰ বাবদ আপুনি লাভ কৰিব ১ হাজাৰ টকা। ৮৮১১০০৭০০০, ৭৩৯৯০০৩০০১, ৭৩৯৯০০৩০০২ আৰু ৭৩৯৯০০৩০০৪ নম্বৰ কেইটাৰ জৰিয়তে গুৱাহাটীখন কদৰ্যময় কৰা লোকৰ ফটো আৰু ঠিকনা দিব পাৰিব।
উল্লেখ্য যে নতুনকৈ মুকলি হোৱা দিচপুৰ উৰণীয়া সেঁতুৰ দেৱালত থু-পিক পেলোৱা আৰু আৰু ইয়াৰ স্তম্ভবোৰত বিজ্ঞাপনৰ পোষ্টাৰ আঁৰি কদৰ্যময় কৰি তোলাৰ পিছতে নিগমে এই পদক্ষেপ গ্ৰহণ কৰিছে।
মাত্ৰ ৫ শতাংশ লোকেহে গুৱাহাটীখন চাৰিও দিশে লেতেৰা কৰি পেলায়। ৫ হাজাৰ টকা ফাইন ভৰিলেও গাত নালাগে এই সকল লোকৰ- এই কথা আয়ুক্তই কয়।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/sell-kidney-for-govt-job-nagaon-man-in-assam/4329/
Discussion about this post